দুবৰিৰ নিয়ৰ // খণ্ড-৮

 দুবৰিৰ নিয়ৰ


"সি কৰবাত পঢ়িবলৈ পাইছিলযদি শুৱাৰ সময়ত মন ভাল কৰি শুব পাৰে। তেন্তে পিছৰ দিনটোও বুলে সুখৰ হৈ পৰে।"



    তলত খৰি। ওপৰত খৰি। মাজত কল্যাণৰ মৃতদেহ। সকলোৰে চকুত চকুপানী।

   কিন্তু সকলোৰে মনত এতিয়া প্ৰশ্ন, মুখাগ্নি কোনে কৰিব?

   ৰাহুল। সকলোবোৰ কল্যাণৰ সুহৃদয় ৰাহুলেই কৰিব।

   ৰাহুলে মুখাগ্নি কৰিলে।

   গাওঁখনৰ ডেকাৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিজনলৈকে কল্যাণৰ চিতাগ্নিৰ কাষতেই ৰৈ আছে। গাওঁখনো একেবাৰে নিতাল পৰি গ’ল। গাওঁখনত কল্যাণক বেয়াপোৱা মানুহ কোনোৱেই নোলাব। গাওঁখনৰ প্ৰতিজনৰ লগতেই তাৰ এটা ভাল সম্পৰ্ক আছিল।

   গাওঁখনত আজিৰ পৰা পহৰা আৰু কঠিন হ’ব। পহৰা দিয়াৰ মানুহৰ সংখ্যাও বাঢ়িব। সকলোবোৰ কথা চিতাৰ কাষতেই আলোচনা হৈ আছে।

   ৰাহুলে তাতে মাটিত বহি একান্তমনে কেৱল কল্যাণৰ জ্বলি থকা মৃতদেহটোলৈ চাই আছে। তাৰ দুচকুৰে কেৱল দুধাৰি পানী বিয়পি পৰিছে।

   কেইজনমানে কেৱল চিতাগ্নিতেই লাগি আছে। কাৰণ, কিছু সময়ত জুই কমি যায়। আৰু কেতিয়াবা মৃতদেহটো জ্বলি থকা অৱস্থাতেই ইংৰাজী আখৰৰ ‘ভি’ আকৃতিৰ দৰেই হৈ পৰে।

   এইবোৰ মুহূৰ্ত সঁচাকৈয়ে বৰ ভয়ংকৰ। কিমানৰ যে এইবোৰ দৃশ্য দেখাৰ পিছত কেনে এটা অৱস্থা হৈ পৰে। কিন্তু প্ৰতিটো অঞ্চল, প্ৰতিখন গাওঁতেই এনেকুৱা কেইজনমান সাহসী মানুহ থাকে। যিয়ে এইবোৰ কাম বৰ সহজতেই চম্ভালি ল’ব পাৰে।

   গাঁৱৰ মানুহ আৰু কল্যাণৰ লগত বিশেষ ভাৱে জড়িত সকলক ইতিমধ্যে পুলিচে জেৰা কৰা আৰম্ভ কৰিছে। কিন্তু কেৱল পুলিচৰ আশাতেই গাওঁৰ মানুহ ৰৈ নাথাকে। গাঁৱৰ মানুহে নিজাকৈও নিজৰ মাজতেই অনুসন্ধান আৰম্ভ কৰিব।

   কিন্তু কেনেকৈ?

   তাৰ বাবে গাঁওবুঢ়াই এটা বিশেষ দলৰ সৃষ্টি কৰিব। যিটো দল চোৰাংচোৱাতকৈ কোনো গুণেই কম নহ’ব। আৰু এই কথা দলটোৰ বাহিৰে আন কোনেও নাজানিব।

   কাইলৈ ৰাইজ মেল হ’ব। নামঘৰত নহয়। খেলপথাৰত হ’ব। প্ৰতিঘৰৰ মানুহ তাত উপস্থিত থাকিব লাগিব। কল্যাণৰ ঘৰৰ মানুহ আৰু ৰাহুলৰ বাদে।

  

--------------

 

   নিয়ৰ বিক্ৰমৰ ৰুমৰ চফা খনতেই বহি চিগাৰেট হোঁপি মোবাইলটো চাই আছে। বিক্ৰমেও তাৰ বিচনাখনত বহি মোবাইল চোৱাত ব্যস্ত হৈ আছে।

   এটা ৰুমত দুজন থকাৰ পিছতো ৰুমটো নিতাল মাৰি আছে।

   হঠাৎ বিক্ৰমৰ ফোনটো বাজিল।

   নিয়ৰে মূৰ দাঙি বিক্ৰমলৈ চালে। বিক্ৰমেও ফোনটোৰ স্ক্ৰীণখন চাই নিয়ৰলৈ চালে।

   ‘গাঁৱৰ পৰা ফোন আহিছে।’— বিক্ৰমে ক’লে।

   ‘ৰিচিৰ্ভ কৰা।’— কথাষাৰ কৈ নিয়ৰ বহাৰ পৰা উঠি বিক্ৰমৰ কাষত আহি বহিল।

   ‘হেল্ল!’— বিক্ৰমে ফোনটো ৰিচিৰ্ভ কৰি ক’লে। ‘কি...?’

   নিয়ৰে বিক্ৰমৰ মুখলৈ আচৰিত আৰু ভয়েৰে চালে।

   ‘ঠিক আছে। Thank You... আপুনি খবৰবোৰ দি থাকিব।’— বিক্ৰমে পুনৰ কথাষাৰ কৈ ফোনটো বিচনাত ৰাখি বহাৰ পৰা উঠি চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে।

   বিক্ৰম উঠাৰ পিছত নিয়ৰো বহাৰ পৰা উঠিল। বিক্ৰমে নিয়ৰলৈ চাই, খিৰিকিৰে বাহিৰলৈ চালে।

   ‘যেতিয়া কিবা কাৰণত কিবা এটা কৰিবলৈ কোনোবাই বাৰে বাৰে বাধা দিয়ে, সেই বাধা ভালৰ বাবেই বুলিয়েই মানি ল’ব লাগে।’— বিক্ৰমে চিগাৰেটটোত হোঁপ এটা মাৰি ক’লে।

    নিয়ৰে তাৰ কথাত একো উত্তৰ নিদিলে। উত্তৰ দিবই বা কি! ভুলটো সি কৰিছেই। যিটো ভুল কৰিছে, সেইটো ভুলৰ ক্ষমা হয়তো তাৰ নহ’ব।

   ‘ল’ৰাটো মৰিল। গাঁৱত কালৈ ৰাইজমেল হ’ব। এতিয়া আমাৰ লগত থকা গাওঁৰ মানুহজনৰো ভয় হ’বলৈ ধৰিছে। মানুহজনে যদি সাহস হেৰুৱাই কিবা কৈ দিয়ে। সকলো মুহূৰ্ততে শেষ হৈ যাব।’— বিক্ৰমে কথাষাৰ কৈ চিগাৰেটটো নুমুৱালে।

   নিয়ৰে যি ঠাইত থিয় হৈ আছিল, সেই ঠাইতে ঢপকৈ বহি পৰিল।

   বিক্ৰমে তালৈ চালে।

   ‘মোৰ বাধা তুমি যদি এবাৰলৈ হ’লেও মানিলা হয়, আজি এনেকুৱা নহ’ল হয়।’— বিক্ৰমে ক’লে।

   নিয়ৰে মূৰে-কপালে হাত ফুৰালে।

   এপদ-দুপদকৈ আগুৱাই আহিছিল হে মাথোঁ। যিমান আগুৱাইছিল তাতকৈ দহ গুণ পিছোৱাই গ’ল এতিয়া তাৰ জীৱন।

   বিক্ৰমো আহি নিয়ৰৰ কাষত বহি তাৰ কান্ধত হাত থৈ ক’লে —‘এতিয়া চিন্তা কৰি থাকি লাভ নাই। ইয়াৰ পিছত এতিয়া কি কৰিলে বাচিব পাৰি, সেই কথা ভাবিব লাগে। ব’লা পাপাৰ ওচৰলৈ যাওঁ।’ বিক্ৰমে কথাষাৰ কৈ নিয়ৰৰ পিঠিত সাহৰ এটা ঢকা মাৰিলে।

-----------------

   এদিন দুদিনকৰি কেইবাদিনো পাৰ হৈ গ’ল। কিন্তু পুলিচে কল্যাণৰ হত্যাকাৰীৰ একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে।

   নিয়ৰেও লাহে লাহে নিজকে সুৰক্ষিত যেন অনুভৱ কৰিবলৈ ধৰিছে। বিক্ৰমৰ দেউতাকে সকলো চম্ভালি লব। তেওঁ পুলিচ, ডাক্তৰ সকলোৰে লগত কথা পাতিছে। নিয়ৰৰ এতিয়া একো ভয়। সি নিশ্চিন্ত মনে ঘূৰা ফুৰা কৰিব পাৰে।

   তথাপিতো তাৰ মনত সদায় ভয়টো থাকেই।

   যদি সকলো ভবাৰ ধৰণে নহয়!

   সাধাৰণতে মানুহে ভবাৰ বিপৰীতটোহে হয়। সি মুকলিকৈ থাকিও যেন বন্দী। ৰাতি শুব নোৱাৰে। ভয়ংকৰ সপোনবোৰে আহি তাক আমনি কৰে। যিবোৰ কথা সি মাক বা দুবৰীকো ক’ব নোৱাৰে। দুবৰীৰ লগত সম্পৰ্কটো হোৱাই নাই। যদি এতিয়াই এইবোৰ কথা দুবৰীয়ে জানি যায়, তাই জানো তাৰ লগত সম্পৰ্ক আগবঢ়োৱাৰ কথা ভাবিব পাৰিব!

   বাৰে বাৰে সি শুবা বিচনাৰ পৰা বাহিৰলৈ ওলাই আহে। ৰাতিৰ আকাশলৈ চাই। কেৱল সি দুখৰ এখন বিশাল পথাৰ হে দেখা পায়।

   নিয়ৰে ঘৰৰ চোতালত থিয় হৈ মোবাইলটোৰ লকটো খুলি দুবৰীলৈ মেচেজ কৰিলে—‘কথা পাতিব মন গৈছে।’

   সি মেচেজটো দি অলপ সময় ৰল। ক্ষন্তেক পিছতেই নিয়ৰৰ ফোনটো কঁপিবলৈ ধৰিলে। সি ফোনটোৰ স্ক্ৰীণ খন চাই ফোনটো কাণত লৈ ক’লে —‘তুমি শুৱাই নাছিলা?’

   ‘নাই। কি হ’ল? মন বেয়া?’— ফোনটোৰ ইমূৰৰ পৰা দুবৰীয়ে ক’লে।

   ‘বহুত।’

   ‘কি হৈছে?’

   ‘ভয় ভয় লাগি আছে।’

   ‘কিয়?’

   ‘নাজানো।’— নিয়ৰে জানিও একো ক’ব নোৱাৰে।

   ‘এনেই কিয় ভয় লাগিব? কিবা বেয়া সপোন দেখিলা?’— দুবৰীয়ে সুধিলে।

   ‘তেনেকুৱাই। কেইদিনমানৰ পৰা বহুত বেয়া বেয়া সপোন দেখিবলৈ লৈছো।’— নিয়ৰে ক’লে।

   ‘মাক কৈছা?’

   ‘নাই। মাক ক’লে মাই মিচাতেই চিন্তা কৰি থাকিব।’

   ‘হ’ব। তুমিও এতিয়া বেছি চিন্তা কৰি নাথাকিবা। কাইলৈ দুয়োটাই এবাৰ মন্দিৰৰ পৰা আহিম। সকলো ঠিক হৈ যাব। এতিয়া শুই থাকা।’— দুবৰীয়ে কথাষাৰ বৰ মৰমেৰে ক’লে।

   দুবৰীৰ এইবোৰ কথাৰ বাবেই সি তাইৰ পৰা আঁতৰি থাকিব নোৱাৰে। তাই লোৱা যত্নবোৰ সি কেতিয়াও সাধাৰণ ভাবে ল’ব নোৱাৰে।

   ‘ঠিক আছে। গুডনাইট।’— নিয়ৰে ক’লে।

   ‘গুডনাইট।’— দুবৰীয়ে ক’লে। ‘এতিয়া ধুনীয়াকে শুই যোৱা আৰু ৰাতিপুৱা সোনকালে উঠি ওলাই আহিবা। মই ওলাই থাকিম।’

   ‘হ’ব।’— নিয়ৰে কথাষাৰ কৈ ফোনটো ৰাখিলে।

   নিয়ৰৰ বাবে দুবৰীৰ মৰম কেতিয়াও শেষ নহয়। এই কথা নিয়ৰে ভালকৈয়ে জানে। কিন্তু যেতিয়াই নিয়ৰে দুবৰীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, কিয় তাই ইমান খং কৰে সেই কথাহে সি ভাবি উলিয়াব নোৱাৰে।

   নিয়ৰে বিশেষ একো নাভাবি, মিচিকিয়া হাঁহি এটা মাৰি ভিতৰলৈ সোমাই আহিল।

   দুবৰীৰ মাতষাৰে তাক বহুত সাহস দিলে। বহুত মানে, বহুত বেছি।

   প্ৰেমৰ অৰ্থই সাহস। প্ৰেমত ভয় নহয়, সাহস থাকে। ইজনে-সিজনৰ সাহস হৈ থিয় হ’ব লাগে। দুৰ্বলতাবোৰক সাহসলৈ ৰূপান্তৰ কৰিব লাগে। এনেদৰেই প্ৰেমবোৰ বাঢ়ি গৈ থাকে।

   ‘বাবা, তই শুৱাই নাই?’— নিয়ৰে বাহিৰৰ পৰা ভিতৰলৈ অহা গম পাই মাকে মাত দিলে।

   ‘নাই, বাহিৰতে বতাহ লৈ আছিলো।’— নিয়ৰে উত্তৰ দিলে।

   ‘শুই থাক, ৰাতিপুৱাবৰে হ’ল চাগে।

   ‘উম।’— কথাষাৰ কৈ সি নিজৰ ৰুমত সোমাই লাইটটো অফ কৰি বিচনাত পৰিল।

   বিচনাত পৰি সি মোবাইলটো মুখৰ আগলৈ আনি গেলেৰিত থকা দুবৰীৰ ফটো এখন উলিয়াই, ফটোখনলৈ অলপ সময় চাই মিচিকিয়াই হাঁহি এটা মাৰিলে।

   ‘তুমি মোৰ। মই তোমাক বহুত ভাল পাওঁ। তোমাক সদায় ভালে ৰাখিম।’— ফটোখন চাই চাই সি মনৰ ভিতৰতে কথাষাৰ ক’লে।

   সি অলপ সময় তেনেকৈ ফটোখন চোৱাৰ পিছত মোবাইলটো গাৰুৰ কাষতে থৈ মিচিকিয়া হাঁহি এটা মাৰি শুলে।

   সি কৰবাত পঢ়িবলৈ পাইছিল, যদি শুৱাৰ সময়ত মন ভাল কৰি শুব পাৰে। তেন্তে পিছৰ দিনটোও বুলে সুখৰ হৈ পৰে।

   হয়তো কথাষাৰ হয়।

  

 

 

আগলৈ...


Comments