ৰহস্য সম্ৰাটৰ কাহিনীৰে মিনি পৰ্দাত ক্ষুধা
দেওবাৰ বুলি কলেই সকলো কামৰ পৰা কিছু বিৰতি লৈ অলপ নিজৰ বাবে, নিজৰ মনটো ভাল লগাবৰ বাবে কিবা এটা কৰিবলৈ মন যায়, কিবা এটা ভাল খাবলৈ মন যায়, কিছু ভাল লগা ঠাই ফুৰিবলৈ যাবলৈ মন যায়, আৰু কেতিয়াবা মন যায় মনটো ফৰকাল কৰবিলৈ কিবা এটা চাবলৈ।
সাধাৰণতে আজি ২-৩ মাহৰ পৰা ৱেবচিৰিজ আৰু কেইখনমান ছবিয়ে মোৰ মনটো আনএটা ফালে গতি কৰাই নিছে। গৌৰৱ অনুভৱ কৰিছো এইকেইখন ৱেবচিৰিজ আৰু ছবি চোৱাৰ পিছত। সেইবাবেই ভাবিলো মোৰ দাদা গৌৰৱ বৰাই অভিনয় কৰা এখন নতুন ৱেবচিৰিজ চাবলৈ। যিখনৰ নাম ক্ষুধা। বিশেষকৈ ৱেবচিৰিজখন চাবলৈ আগ্ৰহি হোৱাৰ কাৰণটো বেলেগ। কাৰণটো হৈছে বিখ্যাত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকা দেৱ। যেতিয়াই গম পালো যে এই ৱেবচিৰিজখন ৰঞ্জু হাজৰিকা দেৱৰ ক্ষুধাতুৰ শগুণৰ আধাৰত নিৰ্মাণ হৈছে, তিতিয়াৰ পৰাই আগ্ৰহি হৈ পৰিছিলো ক্ষুধা চাবৰ বাবে। কিন্তু এইখন দেওবাৰৰ বাহিৰে আন বাৰত চাবলৈ মোৰ বাবে কিছু অসুবিধা আছিল। কাৰণ একেলগে ৮টা খণ্ড মই একে বহাতে হয়তো বেলেগ বাৰত চাই শেষ কৰিব নোৱাৰিলো হয়। আৰু একেবহাতে যদি চাবলৈ সুবিধা নাপাও তেন্তে মোৰ চাই অলপো ভাল নালাগে। সেইয়া লাগিলে ক্ষুধাই হওক বা টিভিএফৰ বেনাৰট নিৰ্মাণ হোৱা আন কোনো ৱেব চিৰিজেই হওক…।
ৱেবচিৰিজখন চোৱাৰ আগতেই কিছু পৰিমাণে হলেও মই অনুমান কৰিছিলো যে ৱেবচিৰিখনে মোক মই বিচৰা সোৱাদ দিয়াত অলপো নিৰাশ নকৰিব। কাৰণ কাহিনীটো আছিল ৰঞ্জু হাজৰিকা দেৱৰ, চিত্ৰনাট্য, টপজিৎ বৰুৱাৰ, পৰিচালনা দিপক কুমাৰ ৰয়ৰ আৰু অভিনয়ত আছিল ৰবি শৰ্মা, প্ৰদীপ নিশিথ, সিদ্ধাৰ্থ মুখাৰ্জী, ৰাজিৱ ক্ৰ’, ৰঞ্জীৱ লাল বৰুৱা, পদ্মৰাগ গৌস্বামী, গৌৰৱ বৰা, ধ্ৰুৱ দাস, মিনাক্ষী বৰা, প্ৰনামি ভাৰতী ইত্যাদিৰ।
ৱেবচিৰিজখনত অভিনয় কৰা প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় শলাগ লবলগীয়া।
ক্ষুধাৰ এই প্ৰথম চিজনটোত আপুনি কিছুমান প্ৰশ্ন পাৱ যিবোৰৰ উত্তৰৰ পাবৰ বাবে আপুনি দ্বিতীয় চিজনলৈ অপেক্ষা কৰিব লাগিব।
যিসকলে অসমৰ জনপ্ৰিয় অটিটি প্লেটফৰ্ম ৰিলড্ৰামাত উপলব্ধ এই ৱেবচিৰিজখন বৰ্তমানলৈকে চোৱা নাই, সেই সকলে এবাৰ গৈ এই ৱেবচিৰিজখন চাব। আশাকৰিছো আপুনি এই ৱেবচিৰিজখন চাই নিৰাশ নহয়।
-সাগৰ সংগম দিহিঙীয়া
Comments
Post a Comment