দুবৰিৰ নিয়ৰ// খণ্ড-৭
দুবৰিৰ নিয়ৰ
খণ্ড-৭
কল্যাণক চহৰৰ হস্পিতেললৈ পুৱাতেই লৈ আনিছে। ৰাতিটো সি ৰাস্তাতে পৰি থাকিল। শুনামতে তাৰ শৰৰীটো একেবাৰে ঠাণ্ডা হৈ পৰিল। বাচিব নে নাই তাৰো ঠিক নাই।
মানুহবোৰৰ মাজত ৰৈ থকা বিপুলৰ ভয়তে গাটো কঁপিবলৈ ধৰিছে। আৰু সকলোৰে মাজৰ পৰা এনেকৈ যাওঁ বুলিও যাব পৰা নাই।
সন্ধিয়ালৈ ৰাইজ মেল হ’ব। কোনে এনেকৈ গাঁৱৰ ভিতৰ সোমাই গাঁৱৰ ল’ৰাক মাৰি পেলাই থৈ যাবলৈ সাহস পালে!
‘তেওঁক ভিতৰলৈ লৈ যাব লাগে। ভিজিলেঞ্চ পাৰ্টিৰ কালি কাৰ কাৰ পাল আছিল, সিহঁত যাতে আজি মিটিংত নহাকৈ নাথাকে।’— চকীখনত বহি থকা এজন বয়সস্থ মানুহে ক’লে।
মানুহবোৰৰ মাজত ৰৈ থকা বিপুলক পিৰালিটোৰ এচুকত বহি থকা ৰাহুলে চকু ঘোপা চাই আছে। বিপুলে মাজে মাজে তালৈ চাই আৰু সি চাই থকা দেখিলেই অন্যফালে মূৰ ঘূৰাই।
‘ই কিবা গম পোৱা নাইটো।’— বিপুলে মনতে ভাবিলে।
বিপুলৰ ভয় বাঢ়ি গৈ থাকিল।
*************************
বিক্ৰমৰ ঘৰৰ চুতালৰ মাজত থকা ৰঙীন চাটিটোৰ তলত বিক্ৰম, বিক্ৰমক দেউতাক, বিমান আৰু নিয়ৰ বহি আছে। সকলোৰে মুখত চিন্তা। ইয়াৰ পিছত কি হ’ব!
নিয়ৰে কেৱল তলমুৱা হৈ কথাবোৰ শুনি আছে। যেন সি একোৱেই নাজানে।
‘প্ৰথমতে আমি কোনোৱে গম নোপোৱাকৈ ডাক্তৰৰ লগত কথা পাতি তাৰ খবৰ লোৱাটো ভাল হ’ব। তাৰ পিছত হে আমি কি কৰিলে ভাল হ’ব চিন্তা কৰিম।’— বিক্ৰমে ক’লে।
বিক্ৰমৰ কথাত দেউতাকে তালৈ চাই মূৰ জোকাৰি ক’লে — ‘ঠিক আছে। মই ডাক্তৰ বৰুৱাৰ লগত কথাটো আলোচনা কৰিম।’
‘মই আজি গাঁৱলৈ যাম জানো?’— বিমানে সুধিলে।
‘নালাগে।’— দেউতাকে ক’লে।
‘নিয়ৰক কেইদিনমান ইয়াতেই থাকিবলৈ কৈছো।’— বিক্ৰমে দেউতাকলৈ চাই ক’লে।
‘ঠিকেই ভাবিছ। ইয়াত থাকিলে চিন্তাৰ পৰাও অলপ মুক্ত হৈ থাকিব।’— দেউতাকে ক’লে।
‘মা ঘৰত অকলশৰীয়া হৈ পৰিব।’— নিয়ৰে মুৰটো ওপৰলৈ কৰি ক’লে।
‘একো নহয়। মই তাৰো ব্যৱস্থা ভাবি থৈছোঁ।’— বিক্ৰমে ক’লে। ‘ব’লা ভিতৰলৈ যাওঁ।’— বিক্ৰমে কথাষাৰ কৈ নিয়ৰক ভিতৰলৈ লৈ গ’ল।
বিক্ৰমৰ দেউতাক আৰু বিমান একে ঠাইতে বহি ৰল। দুয়োৰে আলোচনা এতিয়াও বহুত বাকি। বিক্ৰমে এইবোৰ কথা জানে। সেইবাবেই সময় বুজি সি তাৰ পৰা উঠি আহিছে।
‘বিপুল বুলি কোৱাজনে এতিয়া একো নক'লেই হ’ল।’— বিমানে ক’লে।
‘ব্যৱস্থা কৰ। মাত্ৰ একো খেলিমেলি হ’ব নালাগে।’— বিক্ৰমৰ দেউতাকে ক’লে।
‘ব্যৱস্থাটো কৰিবই লাগিব। সন্মানৰ কথা আছে।’— বিমানে গহীন হৈ ক’লে।
**********************
নিয়ৰ আৰু বিক্ৰম গৈ বিক্ৰমৰ কোঠাৰ ভিতৰত সোমাল। বিক্ৰমে কোঠাটোৰ দুৱাৰখন লক কৰি টেবুলত থকা চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই নিয়ৰৰ ফালে আগবঢ়াই দিলে। নিয়ৰে চিগাৰেটটো লোৱাৰ পিছত বিক্ৰমে নিজেও চিগাৰেট এটা উলিয়াই লৈ জ্বলাই লৈ লাইটাৰটো নিয়ৰলৈ আগবঢ়াই দিলে। নিয়ৰে চিগাৰেটটো জ্বলাই লাইটাৰটো লিৰিকি বিদাৰি চাইছে।
বিক্ৰমৰ এই লাইটাৰটো তাৰ বহুত ভাল লাগে। লাইটাৰটো দামী। এটা পিষ্টলৰ আঁকাৰৰ। টিগাৰ দবালেই জুই উলাই।
বিক্ৰমে চিগাৰেটটোত দীঘলীয়াকৈ হোঁপ এটা মাৰি ক’লে —‘দুবৰীলৈ ফোন লগোৱা।’
‘কিয়?’— নিয়ৰে আচৰিত হৈ সুধিলে।
‘তাইক কেইদিনমান মাৰ লগত থাকিবলৈ কোৱা।’— বিক্ৰমে আগৰ চিগাৰেটটো শেষ কৰি পুনৰ চিগাৰেট এটা উলিয়াই লৈ নিয়ৰলৈ লাইটাৰটো বিচাৰি হাতখন মেলি ক’লে।
‘কিন্তু...’
নিয়ৰে কথাটো শেষ কৰিব নাপাওঁতেই বিক্ৰমে ক’লে —‘তুমি কিবা কামত কেইদিনমানৰ কাৰণে বাহিৰলৈ আহিব লগা হ’ল বুলি ক’বা।’
নিয়ৰে জেপৰ পৰা ফোনটো উলিয়াই অলপ সময় ৰৈ ফোনটো চালে।
*****************
গাঁৱৰ ৰাইজ মেল পিছোৱা হৈছে। কল্যাণৰ মৃতদেহ মৰোনোত্বৰ পৰিক্ষাৰ পৰা গাঁৱলৈ ওভোতাই অনা হৈছে।
সকলো ৰাইজ কল্যাণৰ ঘৰৰ চোতালত গোট খাইছে। বাউলী হৈ মাকে কান্দি কান্দি অ’ত-ত’ত বাগৰি পৰিছে।
কি যে ভয়ংকৰ দৃশ্য।
বিপুলে সকলোবোৰ আঁতৰৰ পৰাই ভয়ে ভয়ে চাই আছে। মাজে মাজে কথাবোৰ ভাবি ভয়তে সি কঁপি উঠিছে।
সকলোবোৰৰ সাক্ষীতো সিয়েই আছিল।
এতিয়া যদি তাত থকাৰ কথা কোমোবাই জানি যায়, কি হ’ব তাৰ! সি ভয়তে কঁপি উঠিল। সকলোৰে মাজৰ পৰা সি অলপ আঁতৰি আহি জেপৰ পৰা ফোনটো উলিয়াই নম্বৰ খুচৰি চালে।
‘নাই। এতিয়া নকৰোঁ।’— সি মনতে ভাবিলে।
আঁতৰৰ পৰা ৰাহুলে কেৱল বিপুলৰেই চাল-চলনবোৰ চাই আছে।
হয়তো সি কিবা এটা উমান পাইছে।
ৰাহুল কল্যাণৰ ভাল বন্ধু। সৰুৰ পৰাই দুয়োটা একেলগেই ডাঙৰ হৈছে। দিনটোৰ বেছিভাগ সময় দুয়োটা একেলগেই থাকে। কল্যাণৰ লগত এই নতুন ব্যৱসায়ত ৰাহুলো জড়িত আছিল। কিন্তু কল্যাণতকৈ ৰাহুল অলপ চতুৰ।
অকলশৰীয়াকৈ ৰৈ থকা বিপুলৰ পিছফালে ৰৈ ৰাহুলে বিপুলৰ কান্ধত হাত থলে।
‘কোন?’— বিপুলে ভয়তে উচুপ খাই ক’লে।
‘কি হ’ল, ইমান ভয় খালি যে? কল্যাণৰ আত্মাটো অহা বুলি ভাবিছিলি নেকি?’— ৰাহুলে ক’লে।
ৰাহুলৰ কথাত সন্দেহ আৰু খং দুয়োটাই আছিল।
‘কি... কি কথা ক’বলৈ আহিছ? ম... মই আকৌ কিয় ভয় কৰিম?’— বিপুলে নিজকে ঢাকিবলৈ চেষ্টা কৰি ক’লে।
‘মই সকলোবোৰ জানো। ভয় কৰিব নালাগে।’— ৰাহুলে তাক কথাষাৰ কৈ আঁতৰি গ’ল।
‘সকলোবোৰ জানে? কিন্তু ভয় কৰিব নালাগে! কি মানে?’— বিপুলে কথাষাৰ মনতে ভাবি সি যোৱালৈ চাই থাকিল।
এজন দুজনকৈ মানুহ আহি চুতাল নধৰা হৈ পৰিছে। কোনো কোনো আগবাঢ়ি গৈছে কল্যাণকৰ মৃতদেহ আগবঢ়াই আনিবলৈ।
চুতালত ৰৈ থকা প্ৰতিজন পুৰুষৰ হাতত এখন দাঁ আৰু এডাল খৰি।
*******************
নিয়ৰৰ কথামতেই দুবৰী আহি সিহঁতৰ ঘৰ পালেহি। নিয়ৰৰ মাক আৰু তাইৰ কথা মহলা শেষেই নোহোৱা হৈছে। মাকে তাইক বহুত মৰম কৰে। কিন্তু সিহঁতৰ মাজৰ সম্পৰ্কৰ কথা মাকে নাজানে।
‘সি ক’লৈ গৈছে মা?’— দুবৰীয়ে সুধিলে।
‘মোক একো নাই। তোমাক কি বুলি কৈছে?’— মাকে সুধিলে।
‘মোকো একো কোৱা নাই। মাত্ৰ ক’লে, কিবা কামত বাহিৰলৈ গৈছে। আহোতে দুদিনমান লাগিব। আৰু মোৰ যদি একো অসুবিধা নাই, তেন্তে আপোনাৰ লগত থাকি দিব লাগে।’— দুবৰীয়ে ক’লে।
‘সি আগতকৈ বহুত সলনি হ’ল। মোৰ কেতিয়া ভয়েই লাগে।’— মাকে দুবৰীৰ হাত এখনত ধৰি ক’লে।
‘ভয় নকৰিব। সকলোবোৰ ভাল হ’ব।’— দুবৰীয়ে তাইৰ অন্যখন হাত মাকৰ হাতৰ ওপৰত দি ক’লে।
‘ৰবা, মই চাহ কৰো।’— মাকে নিজৰ হাতখন তাইৰ হাতৰ পৰা মুকলি কৰি ক’লে।
‘নালাগে ৰব। ময়ে বনাম।’— দুবৰীয়ে মাকতকৈ আগতীয়াকৈ বহাৰ পৰা উঠি ক’লে।
তায়ো সপোন দেখি থৈছে এখন ঘৰৰ বোৱাৰী হোৱাৰ। এতিয়াৰ পৰাই সকলোবোৰ চম্ভালিবলৈ পালে তাইৰো ভাল লাগিব। নিয়ৰৰ মাককো তাই নিয়ৰ মাকৰ দৰেই ভাল পায়। তাই আগৰ পৰাই নিয়ৰৰ ঘৰলৈ আহি থাকে। নিয়ৰৰ মাকৰ লগতো এটা ভাল সম্পৰ্ক তাইৰ আছে।
নিয়ৰৰ মাকৰো তাইক ভাল লাগে। সিহঁতৰ মাজৰ সম্পৰ্কৰ কথা যদি মাকে খবৰ পাই, তেওঁ বহুত সুখী হ’ব।
দুবৰী ৰান্ধনী ঘৰত সোমাই চাহ বানবলৈ লাগিল। ৰঙা চাহত এটুকুৰা আদা থেঁতালি দিলে, সেই চাহৰ সোৱাদেই বেলেগ হৈ পৰে।
তাই আদা থেঁতালি থকাৰ শব্দ শুনি নিয়ৰৰ মাকে মিচিকিয়াই হাঁহি এটা মাৰি বহাৰ পৰা উঠি তাইৰ ফালে আগুৱাই গ’ল।
‘এইজনী যাৰ ঘৰলৈ বোৱাৰী হৈ যাব, সেই ঘৰখন বৰ সৌভাগ্যৱান হ’ব।’— নিয়ৰৰ মাকে তাইক আঁতৰৰ পৰাই চাই মিচিকিয়া হাঁহি এটা মাৰি কথাষাৰ মনতে ভাবিলে।
দুবৰীয়ে কিবা এটা উমান পাই পিছলৈ চাই নিয়ৰৰ মাকক দেখি মিচিকিয়া হাঁহি এটা মাৰি ক’লে —‘মা, চাহ বেয়া হ’লেও কিন্তু ভাল হৈছে বুলিয়েই ক’ব লাগিব।’
‘কিয় বেয়া হ’ব? ইমান যোগাৰ জানিছা যেতিয়া এই চাহৰ সোৱাদেই বেলেগ হ’ব।’— মাকে কথাষাৰ কোৱাৰ পাছতেই দুয়োজনীয়ে হাঁহিলে।
Comments
Post a Comment