"বিদুৰভাই"-এখন গোটৰ ছবি

"নবৰসে ভৰপুৰ এখন চহাজীৱনৰ ছবি। যিখন ছবিক অসমৰ প্ৰতিগৰাকী দৰ্শক তথা ৰাইজেই অনুভৱ কৰিব পাৰিব। আপোনাৰ টকা আৰু সময়ৰ উচিত মূল্য ঘূৰাই পাব।"

Bidurbhai, review

         অসমৰ মানুহৰ এখন মনৰ চিনেমা, যিখন চিনেমা প্ৰযোজনা কৰিছে এটা গোটে। ছবিখনৰ লগত জড়িত হৈ আছে প্ৰায় ৫০০ৰো অধিক লোক। ছবিখনৰ নাম "বিদুৰভাই।" 

ইউটোবৰ মজিয়াৰ পৰা আহি ডাঙৰ পৰ্দাত দখল আৰম্ভ কৰিছে বিদুৰভাই গোটে। ১৯ জুলাইত সমগ্ৰ ৰাজ্যজুৰি মুক্তি লাভ কৰিছে উক্ত বিদুৰভাই নামৰ ছবিয়খনে। 

সাধাৰণতে আমি যেতিয়া ছবি এখনৰ বিষয়ে লিখিবলৈ যাও, তেতিয়া আমি ছবিখন কোন শ্ৰেণীৰ বা কেনে ধৰণৰ কথাবোৰ উল্লেখ কৰো। কিন্তু এই ছবিখনৰ ক্ষেত্ৰত মোৰ চিন্তাৰ কিছু সলনি হৈছে। আপোনালোকে ভয় নকৰিব। বিদুৰভাই ছবিখন ঘৰৰ সকলোৱে একেলগে গৈ ছাব পাৰিব। কিন্তু ছবিখন কেনেধৰণৰ হ'ব, সেই কথাটো ঠিক মই এবাৰতে কৈ দিবলৈ কিছু কঠিন হ'ব। কাৰণ ছবিখনে আপোনাক কিছু সময় ০-ৰ পৰা ১০০লৈ লৈ যাব আৰু কেতিয়া ১০০ৰ পৰা ০-লৈ লৈ আনিব। আপুনি হাঁহি হাঁহি কেতিয়া কান্দিব, বা কেতিয়া চকুত চকুপানীবোৰ লৈয়ে হাঁহিব লাগিব সেই কথা আপুনি ছবিখন চালে নিজেই অনুভৱ কৰিব পাৰিব। কিন্তু এটা কথা ঠিক, ছবিখনৰ পৰিয়ালটোৱে কোৱাৰ দৰে ছবিখনত আপুনি নৱৰস বিচাৰি পাব। 

Bidurbhai


ছবিখনে কোনো কাৰণতেই আপোনাক নিৰাশ নকৰে এই কথা মই স্পষ্টকৈ কব পাৰো। ইয়াৰ কাৰণ সম্পৰ্ণ ছবিখনেই। কিন্তু তাৰ মাজতেই কেইটামান কাৰণ আপোনালোকক জনাই দিও- বিদুৰভাইক আপুনি ডাঙৰ পৰ্দাত চাই থাকিলেও আগৰ দৰেই ৱেবচিৰিজখনৰ অনুভৱ পাব। ছবিখনত আপুনি নিজক বিচাৰি পাব, সেইয়া লাগিলে আপুনি যিমান বয়সৰেই নহয়। আমাৰ দৰে আপুনিও ছবিখন চাই থকাৰ সময়ত কবলৈ বাধ্য হব যে এইটো দেখোন আমাৰ লগতহোৱাৰ দৰেই হল…।  বিদুৰভাই প্ৰকৃততো কোন, বা ইয়াৰ অৰ্থ কি সেই কথা এই ছবিখনত আপুনি ভালদৰেই জানিব পাৰিব।

ছবিখনৰ কাহিনী, দৃশ্যগ্ৰহণ, অভিনয়, সংগীত, সম্পাদনা, ৰূপসজ্জা, সাজ-সজ্জা, দৃশ্যসজ্জা সকলোবোৰ যথেষ্ট উন্নত। কোনো তাৰকা অভিনেতা-অভিনেত্ৰী নোহোৱাকৈ যে অসমৰ দৰ্শকক ছবিগৃহত দুঘন্টাৰো অধিক সময় বাহিৰজগতৰ সকলো কথা পাহৰাই ৰাখিব পাৰি সেই কথা এই ছবিখনে ভালকৈয়ে প্ৰমাণ কৰিছে। ছবিখনৰ এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যোৱা ট্ৰেনজ্ৰিট শ্বটবোৰে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিছে। 

ছবিখনত অসমৰ চহাজীৱনৰ লগতে সংস্কৃতিৰ দখল দেখি খোবেই ভাল লাগিছে। এই ক্ষেত্ৰত পৰিচালক তথা ছবিখনৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। 

বিদুৰভাই নামৰ নৱৰসে ভৰপোৰ ছবিখনত চুমকী কছাৰী, পংকজ মহন্ত, ত্ৰৈলোক্য বৰুৱা, উজ্বল ৰাজখোৱা, বলিন বৰা, নিতু খনিকৰ, স্নিগ্ধা ফুকন,উদ্দীপনা বৰা, ৰাজীৱ দূৱৰী, অসীম শৰ্মাকে আদি কৰি সকলোৰে অভিনয় প্ৰশংসনীয়। 

এইখিনিতে এটা কথা নকলে হয়তো ভুল কৰা হব, কিছু সময়ৰ বাবে পৰ্দাত দেখা দিয়া পৰিচালক সুব্ৰত কাকতিয়ে বাৰুকৈয়ে দৰ্শকৰ দৃষ্টি আকৰ্শন কৰিছে। 

এতিয়া বেছি দিঘলীয়ে নকৰো। ছবিখন এবাৰ চাই মোৰ হেপাহ পলোৱা নাই। আপোনালোকেও যাওঁক ছবিখন চাওঁক। মোৰ বিস্বাস ছবিখন ছাই আপোনালোকো নিৰাশ নহয়। 

-সাগৰ সংগম দিহিঙীয়া। 


Comments