দুবৰিৰ নিয়ৰ// খণ্ড-৪
দুবৰিৰ নিয়ৰ
খণ্ড-৪
-সাগৰ সংগম দিহিঙীয়া
লাহে লাহে নিয়ৰৰ সপোনবোৰ দিথক হ’বলৈ ধৰিছে। সি বিচৰাবোৰ পাবলৈ ধৰিছে। বিক্ৰমৰ দেউতাকৰ লগতো তাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে।
কিন্তু দুবৰী!
দুবৰীৰ লগত আজিকালি তাৰ আগৰ দৰে সম্পৰ্ক নাই। নিয়ৰ সলনি হৈছে।
আগতকৈ বহুত বেছি।
আজিকালি নিয়ৰে নিজৰ লগতে ঘৰ চলাবলৈও মাকক টকা-পইচা দিব পৰা হৈছে। আগৰদৰে সি আনলৈ চাই সময় পাৰ কৰিব নালাগে। বিক্ৰমৰ দেউতাকে উপহাৰ হিচাপে দিয়া বাইকখন লৈ সি কলেজলৈ আহে। বিক্ৰমৰ লগতে বিক্ৰমৰ দেউতাকৰ লগত তাৰ আজিকালি উঠা-বহা।
নিয়ৰে বাইকখন লৈ কলেজৰ ভিতৰলৈ সোমাল। বাইকৰ সন্মুখত থকা বহীখন সি পিছ পকেটত ভৰাই নাহৰজোপাৰ তলত বহি থকা দুবৰীৰ ওচৰলৈ গ’ল। দুবৰীয়ে তাক আঁতৰতে দেখি এটা মিচিকিয়া হাঁহি মাৰিলে। সিও মিচিকিয়া হাঁহি এটা মাৰি গৈ তাইৰ কাষত বহিল।
‘কি খবৰ?’— নিয়ৰে সুধিলে।
‘ভাল। তোমাৰ?’— দুবৰীয়ে সুধিলে।
‘মোৰ বঢ়িয়া। এগজামৰ পিপাৰেচন কেনে চলিছে?’
‘নাই। একোৱেই পঢ়া নাই। কি হয় ভগবানেহে জানে?’
‘এনেকৈ ক’লে, কেনেকৈ হ’ব? পঢ়া-শুনা কৰিব লাগিব।’
‘তাকেহে।’
নিয়ৰৰ ফোন বাজিল। সি ফোনটোৰ স্কিন খন চাই বহাৰ পৰা উঠি, অলপ আতৰলৈ গৈ ফোনটো ৰিচিৰ্ভ কৰি ক’লে —‘কওঁক... নাই, নাই... এনেকৈ ক’লে কেনেকৈ হ’ব?... নামানিব... অ... কওঁক তেখেতক ভালকৈ... অ... আৰে, তেখেতে নোৱাৰাৰ কি কথা আছে?... ঠিক আছে।’
ফোনটো জেপত ভৰাই নিয়ৰ পুনৰ দুবৰীৰ কাষত আহি বহিল।
‘আজিকালি বহুত ব্যস্ত থাকা।’— দুবৰীয়ে তাৰ মুখলৈ চাই ক’লে।
‘উম।’— নিয়ৰে তাইলৈ চাই তলমুৱা হৈ কথাষাৰ ক’লে।
‘ভাল-বেয়াবোৰ তুমি চিনিব পৰা। যি কৰিবা ভালেই কৰিবা নিশ্চয়।’— দুবৰীয়ে তাৰ কান্ধত হাত এখন থৈ কথাষাৰ ক’লে।
নিয়ৰে মিচিকিয়া হাঁহি এটা মাৰি তাইলৈ চাই ক’লে —‘কেতিয়াবা ভুল কৰিবও পাৰো। একো ডাঙৰ কথা নহয়।’
‘মোৰ তোমাৰ ওচৰত বিশ্বাস আছে। তুমি ভুল নকৰা।’— দুবৰীয়ে ক’লে।
‘ইমান বিশ্বাস কিয়?’— নিয়ৰে সুধিলে।
‘নাজানো।’— দুবৰীয়ে কথাষাৰ কৈ তাৰ কান্ধৰ পৰা হাতখন আঁতৰাই কোলাত থকা বেগটো হাতত লৈ বহাৰ পৰা উঠি পুনৰ ক’লে —‘ব’লা, কিবা এটা খাই আহো।’
নিয়ৰেও মিচিকিয়া হাঁহি এটা মাৰি বহাৰ পৰা উঠি ক’লে —‘ব’লা।’
হঠাৎ সলনি হৈ পৰে জীৱন। জীৱনলৈ নতুনৰ আগমন হয়। কেতিয়াবা পোৱাৰ হেঁপাহ, আকৌ কেতিয়াবা হেৰুৱাৰ বেদনা।
লাহে লাহে নিয়ৰ আৰু দুবৰীৰ সম্পৰ্কটো ভাল হ’বলৈ ধৰিছে। সহয়তো এইবাৰ সিহঁতৰ সম্পৰ্কটোৱে কিবা এটা পৰিচয় পাব। দুবৰীৰ খং এতিয়া মৰমলৈ ৰূপান্তৰ হৈছে, নিয়ৰৰ উন্নতি দেখি।
হয়তো তাইয়ো এতিয়া কিবা এটা বুজিব পাৰিছে।
নিয়ৰ আৰু দুবৰী কেন্টিনৰ ভিতৰলৈ সোমাই গ’ল। কেন্টিনৰ ভিতৰত দৰ্শনা আৰু তাইৰ কলেজৰ প্ৰেমিক বহি আছে। দুবৰীয়ে নিয়ৰৰ গাত লাহেকৈ মাৰি দৰ্শনা বহি থকা দেখুৱাইছে। নিয়ৰে দৰ্শনাৰ ফালে আগুৱাই গ’ল।
‘ইয়াত আমাক এৰি বহি থাকিবলৈ লাজ লগা নাই?’— নিয়ৰে দৰ্শনাৰ কাষত গৈ ক’লে।
দৰ্শনাই নিয়ৰৰ ফালে চালে। নিয়ৰৰ পিছত দুবৰী ঠিয় হৈ আছে।
‘আৰে, আজি সাপ-নেউল একে লগে!’— দৰ্শনাই কথাষাৰ কোৱাৰ লগে লগেই দুবৰীয়ে উত্তৰ দিলে—‘বান্দৰী, তই কথাই নকবি। কলেজলৈ অহাৰ পৰা দেখা এটাও দিয়া নাই। নিয়ৰ, আহা। ইহঁতক অকলেই এৰি দিয়া।’ কথাষাৰ কৈ দুবৰীয়ে নিয়ৰৰ হাতত ধৰি তানি আনিবলৈ লোৱাৰ দৰেই ল’লে।
‘হ’ব হ’ব। কাক অকলশৰীয়া সময় লাগে বুজিছো দে।’— দৰ্শনাই কথাষাৰ কৈ অলপ হাঁহি দিলে।
দুবৰীয়ে লাজতে তাইক মাৰিব যোৱাৰ দৰেই কৰিলে।
দুবৰীৰ মনত নিয়ৰৰ বাবে এতিয়া বহুত প্ৰেম। কিন্তু নিয়ৰ সলনি হৈছে। নিয়ৰৰ মনত এতিয়া তেনেকুৱা একো ভাব নাই। সি এতিয়া এইবোৰৰ মাজত সোমাব নিবিচাৰে। এতিয়া সি মানুহতকৈ টকাৰ প্ৰেমত বেছি পৰিব বিচাৰে। সি টকা ঘটিব বিচাৰে। বহুত টকা।
আজিকালিটো সপোনবোৰ টকাৰ মাজতেই লুকাই থাকে।
চাৰিওটা একেখন টেবুলতে বহিল। সকলোৱে অৰ্ডাৰ দিলে।
কিন্তু বিল, নিয়ৰে দিব। এতিয়া তাৰ ওচৰত সদায় টকা থাকে। আগৰ দৰি সি পকেটত দহ টকা এটা লৈ ঘূৰি ফুৰিব নালাগে। এতিয়া তাৰ পকেটত হাজাৰ হাজাৰ টকা থাকে। যেতিয়াই যি মন যায় কৰিব পাৰে। যেতিয়াই যি মন যায় কিনিব পাৰে। যেতিয়াই যি মন যায় খাব পাৰে।
খাই থকাৰ অৱস্থাতে তাৰ ফোনটে পুনৰ বাজিল। সি ফোনটো ৰিচিৰ্ভ কৰিলে।
‘অ, কোৱা। কিয়? ঠিক আছে।’— কথাষাৰ কৈ সি ফোনটো জেপত ভৰাই আধাখোৱা ভাগেই বহাৰ পৰা উঠিলে।
‘তোমালোকে খোৱা দেই। মই যাব লাগিব। ইমাৰজেঞ্চী।’— কথাষাৰৰ শেষত নিয়ৰে দুবৰীলৈ চালে।
‘ফোন কৰিম মই।’— দুবৰীয়ে তালৈ চাই ক’লে।
‘ঠিক আছে।’— কথাষাৰ কৈ নিয়ৰে পকেটৰ পৰা পাৰ্চটো উলিয়াই কেচ কাউন্টাৰৰ ফালে গ’ল।
দুবৰীয়ে খোৱা এৰি কেৱল তালৈকে চাই থাকিল।
“মনত বহু আশা। হৃদয়ত সপোন। নক'লেও জানো তুমি নাপাবা বুজি।”
*******************
নিয়ৰৰ এই উন্নতিত মাকৰ চিন্তা বাঢ়িছে। মাকৰ চিন্তা, সি কেনেবাকৈ কিবা বেয়া কামত জড়িত হোৱা নাইটো!
ঠিক নাই।
নিশা প্ৰায় ১২ বাজি গৈছে। নিয়ৰ এতিয়াও আহি ঘৰ পোৱা নাই। মাকে বাৰে বাৰে ঘৰৰ বাহিৰলৈ ওলাই আহি, সি আহিছে নেকি চাইছে।
নাই, সি অহা নাই।
*******************
বিক্ৰম আৰু নিয়ৰ গৈ এখন দলংৰ ওপৰত ৰল। নিয়ৰ গাড়ীৰ পৰা নামিলে। বিক্ৰম অলপ সময় গাড়ীতে বহি অলপ পিছত গাড়ীৰ পৰা নামিলে।
বিক্ৰমে জেপৰা পৰা চিগাৰেটৰ পেকেট আৰু লাইটাৰটো উলিয়াই চিগাৰেটটো জ্বলাই, লাইটাৰটো পুনৰ জেপত ভৰালে।
নিয়ৰে বিক্ৰমক চিগাৰেট বিচাৰিলে।
‘নিয়ৰ, তুমি!’— নিয়ৰে চিগাৰেট বিচৰা দেখি বিক্ৰমে ক’লে।
‘প্ৰশ্ন নকৰিবা। দিয়া।’— নিয়ৰে ক’লে।
বিক্ৰমে জেপৰ পৰা চিগাৰেটৰ পেকেটটো আৰু লাইটাৰটো উলিয়াই নিয়ৰৰ হাতত দিলে। নিয়ৰে চিগাৰেটটো জ্বলাই দীঘলীয়াকৈ হোঁপ এটা মাৰি ক’লে —‘বিক্ৰম, মোৰ বহুত চিন্তা। তোমাৰ দৰে জীৱন এটা ময়ো বিচাৰো। হয়তো সেইবাবেই মই তোমাৰ লগ ললো। মোৰ তোমাৰ লগত স্বাৰ্থ আছে। সেইবাবেই তোমাৰ লগত আছোঁ।’
বিক্ৰমে নিয়ৰৰ কান্ধত হাত থলে।
‘জানা বিক্ৰম! সৰুৰ পৰাই মাক কেৱল চিন্তা আৰু কষ্টতেই দেখিছো। হয়তো আজিও মায়ে চিন্তাই কৰি আছে। মই ক’ত আছো, কি কৰি আছো, কাৰ লগত আছো। মায়ে সদায় চিন্তা কৰে মই কিবা ভুল পথত গৈছো বুলি। কোৱাচোন তুমিয়েই, মই কিবা ভুল কৰিছোঁ নেকি?’— নিয়ৰে পুনৰ ক’লে।
‘তুমি ভুল কৰিব নোৱাৰা। তোমাৰ স্বাৰ্থ, তোমাৰ সপোন মই নাজানোঁ। কিন্তু এটা কথা জানো, তুমি মোৰ লগত আছা। আৰু মই তোমাৰ লগত।’— বিক্ৰমে কথাষাৰ কৈ চিগাৰেটটো নুমুৱাই পুনৰ ক’লে। ‘মোৰ বন্ধুৰ অভাৱ নাই। কিন্তু, তোমাৰ দৰে বন্ধুৰ অভাৱ বহুত অনুভৱ সদায় আছিল। মোৰ ইমানবোৰ বন্ধুৰ মাজত মোৰ পাপাই তোমাক ইমানবোৰ দায়িত্ব দিছে। পাপাই হয়তো তোমাৰ ভিতৰৰ মানুহজন দেখা পাইছে।’
নিয়ৰে চিগাৰেটটো দলিয়াই ক’লে — ‘নাজানো তেখেতে কি দেখিছে। কিন্তু মাজে মাজে মোৰ ভয় লাগে। যদি তোমাৰ পাপাই বিচৰা ধৰণে মই কৰিব নোৱাৰো।’
‘ভয় কৰিব নালাগে। তেখেতে তোমাৰ ভিতৰত কিবা এটা দেখিছে বাবেই তোমাক ইমান দায়িত্ব দিছে। আৰু তুমি যদি কিবা নোৱাৰা তেন্তে মোক বা পাপাক ক’লেই হ’ল।’— বিক্ৰমে নিয়ৰৰ কান্ধত হাতখনে অলপ টিপা এটা মাৰি ক’লে।
নিয়ৰে বিক্ৰমলৈ চালে।
‘ব’লা যাওঁ। ঘৰত চিন্তা কৰি থকাবি।’— কথাষাৰ কৈ বিক্ৰম গাড়ীৰ কাষলৈ গ’ল। পিছে পিছে নিয়ৰ গ’ল।
*******************************
নিয়ৰৰ মাক ঘৰৰ বাৰান্দাতে বহি ৰাস্তালৈ চাই আছে। মাকৰ চিন্তা বাঢ়ি গৈ আছে। নিয়ৰৰ হঠাৎ পৰিৱৰ্তন দেখি আগৰ পৰাই মনত ভয় এটা আছেই। মাকে মাজে মাজে বহাৰ পৰা উঠি জপনাৰ কাষলৈকে গৈছে।
জপনাৰ সন্মুখত গাড়ী এখন আহি ৰৈছে। বাৰান্দাত বহি থকা মাক বহাৰ পৰা উঠি আগুৱাই গৈছে। নিয়ৰ গাড়ীৰ পৰা নামিছে।
মাকৰ চিন্তা এতিয়াহে অলপ কমিছে।
নিয়ৰ নমাৰ পিছতেই গাড়ীখন লাহে লাহে চলিবলৈ ধৰিছে।
‘মা! তুমি শুৱাই নাই?’— নিয়ৰে মাকক বাহিৰত এনেকৈ দেখি প্ৰশ্ন কৰিলে।
‘ঘৰৰ ল’ৰাটো যদি ইমান দেৰিলৈকে বাহিৰত থাকে। মাকজনী শুৱ পাৰে নেকি?’— মাকে অলপ খঙেৰে ক’লে।
‘তুমি জানিবই লাগে। কিয় ইমান চিন্তা কৰিব লাগে? আহা ভিতৰলৈ।’— নিয়ৰে কথাষাৰ কৈ ভিতৰলৈ সোমাই আহিছে। পিছে পিছে মাক।
‘বাবা, তই সলনি হৈছ।’— মাকে পিছৰ পৰা ক’লে।
‘মা, তুমি সেইবোৰ চিন্তা নকৰিবা। তোমাৰ ল’ৰাই ভুল নকৰে। সলনি হৈছো, কিন্তু ভালৰ বাবেহে।’— নিয়ৰে ক’লে। ‘ভাত খালা?’
‘নাই খোৱা। হাত-মুখ ধুই আহ। মই ভাত বাঢ়ো।’— কথাষাৰ কৈ মাক ৰান্ধনি ঘৰত সোমাল।
মাকবোৰৰ সন্তানকলৈ চিন্তা অনেক। সন্তানৰ প্ৰতিটো খোজতেই মাকৰ চিন্তা হয়। যি চিন্তা হয়তো দেউতাকবোৰেও অনুভৱ কৰিব নোৱাৰে।
আগলৈ...
Comments
Post a Comment