দুবৰিৰ নিয়ৰ// খণ্ড-৬
দুবৰিৰ নিয়ৰ
খণ্ড-৬
-সাৰ সংগম দিহিঙীয়া
নিয়ৰ গাড়ী ভিতৰলৈ আহিল। গাড়ীত থকা চিগাৰেটৰ পেকেটটো আৰু লাইটাৰটো লৈ পুনৰ ৰাস্তাৰ কাষত বহিল।
তাৰ দুয়োকাষে বিক্ৰম আৰু ৰক্তিম।
নিয়ৰে চিগাৰেটটো জ্বলাই ক’লে —‘তাইক মই বহুত ভালপাওঁ। তাই জানে। তাইয়ো মোক বহুত ভালপাই। মই সেইটোও জানো। কিন্তু তাই কিয় এনেকুৱা কৰি থাকে, সেই কথাটোকে মই ধৰিব নোৱাৰো।’
বিক্ৰমে দুয়োখন হাতে তাৰ কান্ধত ধৰিলে।
‘তাই যদি মোক ভালেই নাপায়, মোৰ পৰা একেবাৰে কিয় আঁতৰি নাজায়? আঁতৰি যাঁওক একেবাৰে। দুখ লাগিব। নিজক চম্ভালি লম। কিন্তু তাই এনেকৈ থাকিলে মই তাইৰ পৰা নিজৰ মনটোক আঁতৰাই ৰাখিব নোৱাৰোঁ।’— নিয়ৰে পুনৰ ক’লে।
নিয়ৰে কথা কৈ থাকোতেই বিক্ৰমৰ ফোন বাজিল। বিক্ৰমে ফোনটো চালে।
বিমানৰ ফোন।
‘অ, কোৱা।’— বিক্ৰমে ফোনটো ৰিচিৰ্ভ কৰি ক’লে।
ফোনটোৰ ইমূৰৰ পৰা বিমানে কোৱা কথাষাৰ শুনি বিক্ৰম বহাৰ পৰা উঠিল।
‘কি হ’ল?’— নিয়ৰে শুধিলে।
‘নতুনকৈ যে গাওঁ খনত কাম আৰম্ভ হৈছিল। তাৰ ল’ৰাবোৰৰ লগত ঝেং হৈছে।’— বিক্ৰমে ক’লে।
নিয়ৰে বিক্ৰমৰ পৰা ফোনটো লৈ বিমানক ক’লে —‘বিমান দা, চিন্তা নকৰিব। আমি গৈ আছো এতিয়াই।’ কথাষাৰ কৈ ফোনটো হাতত লৈ সি গাড়ীৰ দৰ্জা খুলিলে। ‘আহা। দেৰি কৰি নাথাকিবা।’— নিয়ৰে বিক্ৰম আৰু ৰক্তিমলৈ চাই ক’লে।
তিনিওটা গাড়ীত উঠিল। বিক্ৰমে গাড়ী ষ্টাৰ্ট দিলে।
নিয়ৰে গাড়ীত থকা ফ্ৰীজটো খুলিলে।
*************************
বিমান আৰু গাঁৱৰ মানুহ এজন গাঁখনৰমূৰৰ দলংৰ পাৰতে ৰৈ আছে। বিক্ৰমে গৈ গাড়ী ৰখালে।
নিয়ৰৰ নিচা।
‘কোনে ঝেং কৰিছে? কোন...’— নিয়ৰে নিচাতে অলপ ডাঙৰকৈ ক’লে।
‘নিয়ৰ!’— বিক্ৰমে নিয়ৰলৈ চাই ক’লে।
‘আপোনালোকে ইমান খং কৰিব নালাগে। সি আহি আছে। কথাবোৰ ভালকৈ বুজালে সি বুজি পাব।’— গাঁৱৰ মানুহজনে ক’লে।
তেওঁৰ নাম প্ৰদীপ। গাওঁখনত তেওঁৰ পৰাই কাম আৰম্ভ হৈছিল। সকলোবোৰ সুবিধা তেওঁৱেই কৰি দিছিল। বিমানে গাওঁখনলৈ আহি তেওঁৰ লগতেই কথা পাতিছিল।
প্ৰদীপৰ কথা মতেই বিমানে গাওঁৰ ল’ৰাবোৰক মূৰ্গী ফাৰ্মৰ বাবে টকা দিছিল আৰু মূৰ্গী পোৱালিৰো যোগান ধৰিছিল। কিন্তু চৰ্ত আছিল যে, মূৰ্গীবোৰো বিমানেই নিব। বেলেগ বেপাৰীক বিক্ৰী কৰিব নোৱাৰিব। কিন্তু পিছত গাঁৱৰ ল’ৰাবোৰে বিমানৰ এই চৰ্তৰ ৰহস্য বুজি পায় সিহঁতে তেওঁক মূৰ্গী নিদিয়াৰ সিদ্ধান্ত ল’লে। গাঁৱৰ ল’ৰাবোৰে নিজেই মূৰ্গী বিক্ৰী কৰিব আৰু বিনিময়ত লাভৰ তিনিটা ভাগ কৰি এটা ভাগ বিমানক দি দুটা ভাগ ল’ৰাবোৰে ভগায় লোৱাৰ কথা ক’লে।
যিটো চৰ্ত এতিয়া বিমানে মানি ল’ব নোৱাৰে।
এই চৰ্তত তাৰ ব্যৱসায় নচলিব।
কিন্তু কিয়?
************************
মানুহে নজনাকৈয়ে সিহঁতে এটা মূৰ্গীৰ বিহৎ চিণ্ডিকেট গঢ়ি তুলিছে। যিটো চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড নিয়ৰ আৰু বিমান। মূৰ্গীৰ দৰে সাধাৰণ বেপাৰটোক সিহঁতে এটা অন্য ৰূপলৈ লৈ গৈছে। যিটো কথা সাধাৰণ মানুহে ধৰিবই বা ভাবিবই নোৱাৰে।
এটা চিজনত মূৰ্গীবোৰৰ বেমাৰ হোৱাৰ বাবেই মূৰ্গীৰ উৎপাদন কমি যায়। যাৰ বাবে মূৰ্গীৰ অভাৱত বজাৰত দাম বৃদ্ধি হৈ যায়। কিন্তু সেই সময়তো কেনেকৈ উৎপাদ বৃদ্ধি কৰাৰ লগে দাম বৃদ্ধি কৰিব পাৰি, সেই কথা নিয়ৰে চিন্তা কৰি উলিয়ালে।
বিমানে যদিও বহু বছৰৰ পৰা এই ব্যৱসায় চলাই আছিল, তাৰ মগজুত কিন্তু নিয়ৰৰ দৰে চিন্তা অহা নাছিল।
নিয়ৰ এদিন চিণ্ডিকেটৰ ৰজা হ’ব।
সিহঁতৰ চহৰত সকলো বেপাৰীয়ে বিমানৰ পৰাই মূৰ্গীবোৰ পাইকাৰিত লয়। তাৰ ব্যৱসায় বহুত দূৰলৈকে চলে।
কিন্তু এই ব্যৱসায়ৰ প্ৰকৃত মালিক বিক্ৰমৰ দেউতাক।
**********************
সিহঁতে আহিব বুলি অপেক্ষাত ৰৈ থকা ল’ৰাজন আহিলে।
হাতত মোবাইলৰ টচ্টো জ্বলাই তলমূৰ কৰি সি লাহে লাহে আহি আছে।
‘নিয়ৰ! তুমি কিন্তু একদম শান্ত হৈ থাকিবা দেই। তোমাৰ নিচা হৈছে।’— বিক্ৰমে নিয়ৰৰ হাতত ধৰি ক’লে।
‘হেই... হ’ব।’— নিয়ৰে ক’লে।
ল’ৰাজনে আঁতৰতে সিহঁতলৈ চাই লাহে লাহে দংখন পাৰ হৈছে।
দলংখনৰ অৱস্থা ইমান ভাল নহয়। গাড়ী পাৰ হ’বই নোৱাৰে। সি মোবাইলৰ পোহৰটো দি লাহে লাহে আহি আছে।
তাক দেখি নিয়ৰৰ খঙটো বাঢ়ি গৈ আছে।
নিয়ৰে চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে।
ল’ৰাজন আহি সিহঁতৰ ওচৰ পালে।
তাৰ নাম কল্যাণ আৰু গাঁৱৰ মানুহজনৰ নাম বিপুল।
‘বিপুল দা, মোক কিয় মাতিলে ইয়ালৈ?’— কল্যাণে ক’লে।
‘≠≠কিয় মাতিলে? তেল ফাটিছে তোৰ? হা!’— নিয়ৰে কণ্যাণক চৰ এটা দি ক’লে।
নিয়ৰে তাক চৰটো মৰাৰ পিছতেই বিক্ৰমে তাক ধৰিছিল যদিও সি উফাল মাৰি দিলে।
‘আৰে... কথা নাই বতৰা নাই, এনেকৈ মাৰি দিছে যে? বিপুল দা, কি হৈছে মানে?’— কল্যাণে খঙত ক’লে।
‘ঐ...চুপ।’— নিয়ৰে পুনৰ মাৰিব লৈছিল যদিও বিক্ৰমে তাক ধৰিল।
‘তোমালোকক প্ৰথমতেই আমি চৰ্ত দিছিলো। আৰু তোমালোকেও আমাৰ চৰ্ত মানিয়েই কাম আৰম্ভ কৰিছিলা। কিন্তু এতিয়া মাজ বাটত এনেকৈ সলনি কৰিলে নহ’ব নহয়।’— বিমানে কথাষাৰ ভালকৈয়ে ক’লে।
নিয়ৰক বিমানে গাড়ীৰ ভিতৰত বহাই থৈছে। সি গাড়ীৰ ভিতৰৰ পৰাই কল্যাণলৈ সুদুৰ দৰে চাই আছে।
‘আমি প্ৰয়োজন হ’লে আপোনালোকক টকাবোৰ ঘূৰাই দিম। আৰু বিনিময়ত কিবা এটা লাভো লগতে দিম। কিন্তু মূৰ্গীবোৰ আমি বেপাৰীক নিজেই দিম। তেখেলোকে আমাৰ পৰা কিবা এটা কমত ল’বলৈ পালে, লাভো দুটকা বেছি পাব।’— কল্যাণে ক’লে।
‘ঐ... তই ইয়াত বেছি বুজাই নাথাকিবি। তোক যি কৈছো সেইটো কৰ।’— নিয়ৰে গাড়ীৰ পৰাই চিঞৰিলে।
কল্যাণে তালৈ চালে।
‘নিয়ৰ! তুমি ৰবা। মই পাতি আছো।’— বিক্ৰমে ক’লে।
ৰক্তিমে সকলো অকৰাৰ দৰে কেৱল চাইহে আছে।
‘আপুনি কিয় মাজত চিঞৰি আছে? মই যাৰ লগত পাতিব লাগে পাতি আছো নহয়। আপোনালোক কোন হয়?।’— কল্যাণে ক’লে।
‘*****তই কোন হয় বে...?’— বিক্ৰমে কথাষাৰ কৈ তাক চৰ এটা মাৰিলে।
নিয়ৰক অলপ দমত কোৱা দেখি বিক্ৰমৰ খং উঠিল। বিক্ৰমে কল্যাণত মৰা দেখি নিয়ৰ গাড়ীৰ পৰা নামি আহিল যদিও ৰক্তিমে তাক ধৰি আছে।
‘মাৰ পিট কৰিব নালাগে। ভালকৈ কথা পাতকচোন।’— বিপুলে ক’লে।
নিয়ৰ নিচাত আছে। সি এতিয়া যিকোনো কাম কৰি দিব পাৰিব। সেইবাবেই তাক আঁতৰত ৰাখিছে।
‘আপোনালোকে এইটো ভাল কাম কৰা নাই। আপোনালোকে কিন্তু একো নাপাব পিছত।’— কল্যাণে ক’লে। ‘বিপুল দা, বুজাই দে ইহঁতক।’— বিপুললৈ চাই কল্যাণে পুনৰ ক’লে।
নিয়ৰে ৰক্তিমৰ পৰা উফাল মাৰি আহি কল্যাণক এটা গুৰ মাৰিলে। কল্যাণ ৰাস্তাত বাগৰি পৰিল। নিয়ৰে তাৰ বুকুত গুৰিয়ালে। সকলোৱে তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে যদিও, ৰাখিব পৰা নাই। কল্যাণৰ মুখেৰে তেজ ওলাইছে।
বিপুলে ভয় কৰিছে। গাঁৱত ইয়াৰ পিছত কি হয় ঠিক নাই। বিমান আৰু বিক্ৰমে বিপুলক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কৈছে। বিপুলে ভয়ে ভয়ে সেই ঠাইৰ পৰা গৈছে।
অলপ দৌৰিছে। পিছলৈ চাইছে। আকৌ অলপ দৌৰিছে।
বিক্ৰমে কল্যাণক লুতিয়াই দিছে।
কল্যাণ জিয়াই আছে নে নাই, সেইটো চোৱাৰ কথা কাৰো মনলৈ অহা নাই।
নিয়ৰে নিজৰ চুলিৰ মাজেৰে হাতখন মূৰৰ পিছফালে আনি গাড়ীত বহি চাগাৰেট এটা জ্বলাই বিক্ৰমহতলৈ চাই ক’লে —‘ব’লা এতিয়া ইয়াত ৰৈ থাকিব নালাগে।’
***************
কথাবোৰ এতিয়া ইমান সহজ হৈ থকা নাই। নিয়ৰে গাঁৱত গৈ এটা মাৰাত্মক ঘটনা কৰি আহিছে। যাৰ বাবে সকলো চিন্তাত পৰিছে।
কিন্তু এই কথা মাকক জানিবলৈ দিয়া হোৱা নাই। মাকে জানিলে সৰ্বনাশ হ’ব।
নিয়ৰ পুৱতে শুৱাৰ পৰা উঠি বিক্ৰমৰ ঘৰলৈ গৈছে। ৰাতিপুৱা মাকৰ হাতৰ চাহকাপ খাবলৈও তাৰ সময় নহ’ল।
বিক্ৰম এতিয়াও বিচনাতে আছে। টোপনি নাই যদিও সি বিচনা পৰি চিন্তা কৰি আছে।
নিয়ৰে চিধাই বিক্ৰমৰ ৰুমলৈ সোমাই আহি বিক্ৰমৰ বিচনাত বহিল।
‘কালি তোমাক মই বাৰে বাৰে কৈ আছিলো। কথাটো ক’লে কথাটো শুনিব লাগে।’— বিক্ৰমে ক’লে।
নিয়ৰে মূৰে কপালে হাত দি বহাৰ পৰা উঠি বিক্ৰমৰ গাৰুৰ কাষতে থকা চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই লৈ জ্বলাই ল’লে।
‘কালি কি হৈ গ’ল মই নিজেই ধৰিব নোৱাৰিলো।’— নিয়ৰে চিগাৰেটটোত দীঘলীয়াকৈ এটা হোঁপ দি ক’লে।
‘মই জানিছিলোঁ। সেই বাবেই বাৰে বাৰে মই তোমাক মানা কৰি আছিলোঁ।’— বিক্ৰমেও চিগাৰেট এটা জ্বলাই ল’লে। ‘মাৰপিট কৰাটো আমাৰ কাম নহয়। তাৰ বাবে বেলেগ আছে।’— কথাষাৰ কৈ বিক্ৰম বিচনাৰ পৰা উঠি নিয়ৰৰ ওচৰলৈ আহিল।
নিয়ৰ বিক্ৰমৰ ৰুমত থকা চফা খনতে বহি আছিল।
‘হ’ব দিয়া। এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবা। যি হৈ গ’ল, হ’ল আৰু... সি চাগে এতিয়া জীয়াইও থকা নাই।’— বিক্ৰমে ক’লে।
‘চিন্তা তাতেই।’— নিয়ৰে চিগাৰেটটোত শেষৰ হোঁপটো মাৰি ক’লে।
‘সকলো ঠিক হৈ যাব। ৰবা, মই ফ্ৰেচ হৈ লওঁ।’— কথাষাৰ কৈ বিক্ৰম বাথৰুমত সোমাল।
নিয়ৰে পুনৰ বহাৰ উঠি চিগাৰেটৰ পেকেট আৰু লাইটাৰটো হাতত লৈ চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে।
নিয়ৰ সলনি হৈ পৰিল। আগৰ নিয়ৰ আৰু এতিয়া নাই। যিটো নিয়ৰে চিগাৰেট, মদত হাত দিয়া নাছিল। এতিয়া সেইটো নিয়ৰ চিগাৰেট আৰু মদত বহুত আগবাঢ়িল।
সেই বাবেই কালি ৰাতি ঘটনাটো ঘটিবলৈ পালে।
নিয়ৰে চিগাৰেটটো জ্বলাই মূৰে কপালে হাত ফুৰাইছে। ইয়াৰ পিছত কি হ’ব, সি ভাবি পোৱা নাই।
নিয়ৰৰ জেপত থকা ফোনটো কপিবলৈ ধৰিলে। সি ফোনটো জেপৰ পৰা উলিয়াই চালে।
দুবৰীৰ ফোন।
‘কোৱা।’— নিয়ৰে ফোনটো ৰিচিৰ্ভ কৰি ক’লে।
‘তুমি কেতিয়া আহিবা?’— ফোনটোৰ ইমূৰৰ পৰা দুবৰীয়ে ক’লে।
‘আজি নাযাওঁ। মই অলপ কামত বাহিৰলৈ আহিলো। পিছত ফোন কৰিম।’— কথাষাৰ কৈ দুবৰীয়ে কিবা সুধাৰ আগতেই সি ফোন ৰাখিলে।
কথা পাতিলে, কথা ওলাই থাকিব।
অলপ সময়ৰ পিছত বিক্ৰম বাথৰুমৰ পৰা ওলাই আহিল। বিক্ৰমে টাৱেল খনেৰে মূৰটো মুহাৰি মুহাৰি ক’লে —‘তুমি কেইদিনমান ইয়াতেই থাকা। মাক ফোন কৰি কৈ দিবা। আৰু ক’লৈকো ওলাই যোৱাৰ প্ৰয়োজন নাই।’
‘উম।’— নিয়ৰে শলাগিলে।
‘কথাবোৰ ঠিক নোহোৱা লৈকে নিজকে বন্ধী কৰিয়েই ৰাখা। মই পাপাৰ লগত কালিয়েই কথাটো আলোচনা কৰিছোঁ।’— বিক্ৰমে ক’লে।
‘তেখেতেও চাগে বহুত খং কৰিছে। আজি মোক দেখিও মাত নিদিলে।’— নিয়ৰে তলমূৰ কৰি ক’লে।
‘তুমি কামেই কৰিছা তেনেকুৱা। হ’ব দিয়া, এতিয়া এইবোৰ কথা ভাবি নাথাকিবা।’— বিক্ৰমে চিগাৰেটৰ পেকেটটো বিচাৰি ক’লে।
নিয়ৰে চিগাৰেটৰ পেকেট আৰু লাইটাৰটো তালৈ আগুৱাই দি ক’লে —‘গাঁৱৰ পৰা কিবা খবৰ আহিছে নেকি?’
‘এতিয়ালৈকে অহা নাই। আহিব।’— বিক্ৰমে চিগাৰেটটো জ্বলাই ক’লে।
বিক্ৰমে ঘৰটো চিগাৰেট হোঁপিব পাৰে। তাৰ ৰুমলৈ অতি প্ৰয়োজন নহ’লে কোনো নাহে। আৰু গোন্ধও ইমাম নোলাই। ৰুমত স্প্ৰে মাৰিয়েই থাকে।
‘ৰক্তিম...’
‘বাদ দিয়া তাৰ কথা।’— নিয়ৰে কথাষাৰ শেষ কৰিব নাপাওঁতেই বিক্ৰমে মাত দিলে।
****************
গাঁৱত কল্যাণৰ ঘৰত এটা অচিন পৰিৱেশ। বাপেক নোহোৱা ঘৰখন কল্যাণেই ইটো-সিটো কৰি চলাই আছিল। ঘৰৰ চোতালত অসংখ্য মানুহ। ঘৰৰ পিৰালিতে বহি কল্যাণৰ মাকে ৰাউচি জুৰি কান্দিছে। কল্যাণৰ খুড়ীয়েকে কল্যাণৰ মাকক ধৰি আছে।
মানুহবোৰৰ মাজত নিৰৱে থিয় হৈ বিপুলে সকলো চাই আছে।
যেন সি একোৱেই নাজানে।
আগলৈ...
Comments
Post a Comment