দুবৰিৰ নিয়ৰ// খণ্ড-৩

 "সি বেছি ষ্টাইলত নাথাকে। পিন্ধনত এটা ট্ৰেক পেণ্ট, এটা টি চাৰ্ট আৰু চামৰাৰ চেণ্ডেল বা স্পৰ্টছ চুচ্‌। কিন্তু তাক তেনেকৈয়ে বহুত ভাল লাগে। উদণ্ড যদিও দেখাত মৰম লগা। 

   ঝেং নহয়। চিমপল।

   নিয়ৰে গাড়ীখনৰ ভিতৰটো ভালকৈ চাইছে। ইমানদিনে গাড়ীখন আঁতৰৰ পৰাই দেখিছিল। আজি গাড়ীখনত বিক্ৰমৰ উঠি আহিছে। সি বাবে বিক্ৰমৰ হাত দুখনলৈ চাইছে। কেতিয়াবা এখন হাতে ষ্টাৰিং ধৰিছে, কেতিয়াবা দুয়োখন হাতেই ষ্টাৰিঙত ৰাখিছে। 

   বিক্ৰমৰ বগা হাতখনত ব্লেক কালাৰৰ ঘড়ীটো আৰু আঙুঠি কেইটা বহুত ধুনীয়া লাগিছে। নিয়ৰে গাড়ীখনৰ ভিতৰটো যিমান পাৰিছে চাইছে। চুইছে। গাড়ীৰৰ ভিতৰতেই ফ্ৰীজ। নিয়ৰৰ দেখিও আচৰিত লাগিছে। "


দুবৰিৰ নিয়ৰ

খণ্ড-৩

-সাগৰ সংগম দিহিঙীয়া

   

    লেজৰ ইলেকচনবোৰত ছাত্ৰ-ছাত্ৰীৰ বহু আৱেগ জড়িত হৈ থাকে। ঠিক দেশৰ ৰাজনীতিৰ দৰেই কলেজৰ ৰাজনীতিটো বহুত ঘাত-প্ৰতিঘাত থাকে। সকলো ছাত্ৰ-ছাত্ৰীৰ ঘৰত গৈ তেওঁলোকৰ ভোট ভিক্ষা খুজিব লাগে। 

   নিয়ৰ, বিক্ৰম আৰু ৰক্তিম গাড়ীৰে আহি এটা তিনিআলিত ৰল। তাতে আন এজন লগৰ ল’ৰা ৰৈ আছে। 

   নিপু।

   ৰক্তিমে গাড়ীৰ দৰ্জা খুলি দিলে। নিপুৱে হাতত এটা ডাঙৰ টোপোলা লৈ গাড়ীৰ ভিতৰত বহিল।

   ‘সকলো ললি ন?’— বিক্ৰমে নিপুলৈ চাই ক’লে। 

   ‘তই কোৱাবোৰ ল’লো।’— নিপুৱে ভালকৈ বহি তালৈ নোচোৱাকৈয়ে ক’লে। 

   ‘ঠিক আছে তেন্তে।’— কথাষাৰ কৈ বিক্ৰমে গাড়ীখন ষ্টাৰ্ট দিলে। 

    বিক্ৰমৰ গাড়ীৰ অভাৱ নাই। তাৰ যেতিয়াই যোনখন মন যায় সেইখনেই লৈ আহিব পাৰে। বিক্ৰমৰ দেউতাক এজন ব্যৱসায়ী তথা সমাজকৰ্মী। 

    বিক্ৰমে বেছি সময়তেই ব্লেক কালাৰৰ থাৰ খনেই লৈ ফুৰে। 

   থাৰ মানেই যুৱপ্ৰজন্মৰ বাবে এটা বহুত ডাঙৰ আৱেগ। যুৱপ্ৰজন্মৰ প্ৰায় সংখ্যকৰেই থাৰ গাড়ীখন বহুত প্ৰিয়। আৰু বিক্ৰমে যেতিয়া থাৰখন চলাই আহে, তাক কিবা এটা ভাল লাগে। তাৰ গলত গাড়ীখন মিলে। 

   বিক্ৰমে লৈ ফুৰা বেছিভাগ গাড়ী বাইকয়েই ব্লেক। আৰু সিও বেছিভাগ সময়তেই ব্লেক কাপোৰেই পিন্ধে।

    সি বেছি ষ্টাইলত নাথাকে। পিন্ধনত এটা ট্ৰেক পেণ্ট, এটা টি চাৰ্ট আৰু চামৰাৰ চেণ্ডেল বা স্পৰ্টছ চুচ্‌। কিন্তু তাক তেনেকৈয়ে বহুত ভাল লাগে। উদণ্ড যদিও দেখাত মৰম লগা। 

   ঝেং নহয়। চিমপল।

   নিয়ৰে গাড়ীখনৰ ভিতৰটো ভালকৈ চাইছে। ইমানদিনে গাড়ীখন আঁতৰৰ পৰাই দেখিছিল। আজি গাড়ীখনত বিক্ৰমৰ উঠি আহিছে। সি বাবে বিক্ৰমৰ হাত দুখনলৈ চাইছে। কেতিয়াবা এখন হাতে ষ্টাৰিং ধৰিছে, কেতিয়াবা দুয়োখন হাতেই ষ্টাৰিঙত ৰাখিছে। 

   বিক্ৰমৰ বগা হাতখনত ব্লেক কালাৰৰ ঘড়ীটো আৰু আঙুঠি কেইটা বহুত ধুনীয়া লাগিছে। নিয়ৰে গাড়ীখনৰ ভিতৰটো যিমান পাৰিছে চাইছে। চুইছে। গাড়ীৰৰ ভিতৰতেই ফ্ৰীজ। নিয়ৰৰ দেখিও আচৰিত লাগিছে। 

   বিক্ৰমে গাড়ী চলাই গৈ থাকোতেই চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে। 

   থাৰখন গ্লাচ লগা। সি গ্লাচখন অলপ নমাই ল’লে। 

   নিয়ৰে সি খোৱা চিগাৰেটটোলৈ চাইছে। সাধাৰণতে দোকানবোৰত এইটো চিগাৰেট পোৱা নাযায়। নিয়ৰে সি চিগাৰেট হোঁপা চাইছে। 

    ‘কি এটা বিন্দাচ জীৱন।’— নিয়ৰে মনতে ভাবিলে।

    বিক্ৰমে চিগাৰেটটো পিছত বহি থকা ৰক্তিমক দিলে। 

    বিক্ৰমে নিয়ৰক এইবোৰ বস্তু কেতিয়াও অফাৰ নকৰে। সি নিজে বেয়া হ’লেও আনক বেয়া হ’ব নিদিয়ে। তাৰ মনটো এটা ভাল ল’ৰা আছে। 

    বিক্ৰমে গাড়ীখন এখন দলংৰ ওপৰত ৰখাই গাড়ীৰ পৰা মোবাইলটো হাতত লৈ গাড়ীৰ পৰা নামি গ’ল। 

    সি ফোন লগালে।

    ‘হেল্ল! অ, আমি দলংখন পাইছোঁ। আৰু কিমান দূৰ যাব লাগিব?’— বিক্ৰমে ফোনত কথা পাতিলে। ‘ঠিক আছে।’

    বিক্ৰমে ফোন ৰাখি পুনৰ গাড়ীৰ ভিতৰলৈ আহি গাড়ী ষ্টাৰ্ট দি গাড়ী আগুৱাই নিলে।


     ****************************


    মিতালি। বিক্ৰমৰ গাৰ্লফ্ৰেণ্ড। ঘৰৰ সন্মুখতে ফোনটো হাতত লৈ ৰৈ আছে। বাৰে বাৰে আগলৈ চাইছে। 

    যেন কোনোবা আহিবলৈ হে আছে। 

    সন্ধিয়াৰ সময়ত গাভৰুৰ মনত এনে ভাব দেখিলে মাক-দেউতাকৰ চিন্তা বাঢ়ে। এতিয়া তাইক এনেদৰে দেখি মাকে ভিতৰৰ পৰা বাৰে বাৰে ওলাই আহি তাইক চাইছে। 

    ‘মাজনী! ঘৰলৈ আহ।’— মাকে বাৰান্দাৰ পৰাই মাত লগালে।

   ‘ৰবা।’— মিতালিয়ে পদূলিৰ পৰাই মাকলৈ চাই ক’লে।

    ব্লেক থাৰ। 

    মিতালিৰ মুখত হাঁহি। 

    তাই আৰু এখোজ আগুৱাই গ’ল। 

    বিক্ৰমে আহি তাইৰ কাষত গাড়ীখন ৰখালে। গাড়ীৰ পৰা সকলো নামিলে। বিক্ৰমে গাড়ীতে থকা পাৰ্ফিউমটো অলপ মাৰি মোবাইলটো আৰু গাড়ীৰ চাবিটো হাতত লৈ গাড়ীৰ পৰা নামি আহিল। 

    নিপুৱে হাতত টোপোলাটো লৈ আহিছে। বিক্ৰমে নিপুৰ পৰা টোপোলাটো লৈ আগুৱাই গ’ল। 

    ‘নিয়ৰ ভালে আছা?’— মিতালিয়ে নিয়ৰলৈ মিচিকিয়া এটা হাঁহি মাৰি সুধিলে।

    নিয়ৰেও মিচিকিয়া হাঁহি এটা মাৰি ক’লে —‘ভালেই। তোমাৰ?’

    ‘ভালেই।’

    নিয়ৰে বিক্ৰম আৰু মিতালিৰ সম্পৰ্কৰ কথা নাজানে। বিক্ৰমেও তাক এইবোৰ কথা কোৱা নাই। হয়তো সি কোৱাৰ প্ৰয়োজনবোধ কৰা নাই।

    পাঁচোটা একেলগে ভিতৰলৈ সোমাই গ’ল। 

    ‘বহা।’— মিতালিয়ে ক’লে।

    বিক্ৰমে হাতত লৈ থকা টোপোলাটো মিতালিক দি বহিল।

   ‘মা, অ মা।’— মিতালিয়ে মাকক চিঞৰি ভিতৰলৈ সোমাই গ’ল।

   চাৰিওটা বহি সিহঁতে বহি থকা ৰুমটো ভালকৈ চাইছে। বিক্ৰমে মোবাইলটোত ব্যস্ত হৈছে। 

   ‘তোমালোক! ভাল নে তোমালোকৰ?’— সিহঁতৰ কাষতে বহি মাকে সুধিলে।

   ‘ভালেই।’— চাৰিওটাই ক’লে। 

   বিক্ৰমে ফোন চোৱা বন্ধ কৰি ক’লে — ‘মা, মই এইবাৰ কলেজৰ জি এছ উঠিছোঁ।’

   ‘মাজনীয়ে কৈছে।’— মাকে মিচিকিয়া হাঁহি এটা মাৰি ক’লে। ‘পিছে প্ৰস্তুতি কেনে চলিছে?’

   ‘ঠিকেই। জিকিম বুলি কনফিডেন্স আহিছে।’— বিক্ৰমে ক’লে। 

   ‘কিন্তু বিৰুধিক ইমান দুৰ্বল বুলিও ভাবিব নালাগে।’— মাকে পুনৰ ক’লে।

   ‘হয় বাৰু।’— বিক্ৰমে মিচিকিয়াই ক’লে। ‘মা, পাপা নাই নেকি?’

   ‘তেওঁ ওলাই গৈছে। আহিব হৈছে।’— মাকে কথাষাৰ কৈ বহাৰ পৰা উঠিলে। ‘তোমালোক বহাচোন দেই।’ কথাষাৰ কৈ ভিতৰলৈ সোমাই গ’ল।

    বিক্ৰমে মিতালিৰ মাক দেউতাকৰ লগত ফোনত কথা পাতে। আগতে কেইবাবাৰো লগো পাইছে। কিন্তু সি মিতালিৰ ঘৰলৈ আজি প্ৰথমবাৰৰ বাবে আহিছে।

    নিয়ৰে সকলোবোৰ নিমাতে চাই আছে। সি একো বুজি পোৱা নাই। ইয়ালৈ সিহঁত কিয় আহিছে? কি কৰিব? একো নাজানে সি। কেৱল বিক্ৰমে আনিছে আৰু সি আহিছে।

    হাতত এখন ট্ৰে লৈ মিতালিয়ে সিহঁতৰ বাবে চাহ আনিছে। সকলোকে চাহ দি —‘চাহ খোৱা।’ কথাষাৰ কৈ মিতালী বিক্ৰমৰ কাষতে ৰৈছে। 

    নিয়ৰে সিহঁতলৈ চাইছে। মিতালীয়ে তালৈ চাই মিচিকিয়াই হাঁহি ক’লে—‘চাহ খোৱা।’

    নিয়ৰে অলপ লাজ পোৱা যেন অনুভৱ কৰিলে। সি তলমুৱা হৈ চাহ খাবলৈ ধৰিলে।


        *******************


   বিক্ৰমৰ চাল-চলন আৰু টকা দেখি তাক সকলোৱে ভাল পাব বিচাৰে। সকলো ছোৱালীয়েই তাৰ প্ৰেমিকা হ’ব বিচাৰে। তাৰ লগত, তাৰ গাড়ীত ঘুৰিব বিচাৰে। কিন্তু বিক্ৰমে কেৱল মিতালীকহে ভালপাই। সি তাইৰ লগতেই সুখী। 

    এতিয়া যদি বিক্ৰম অলপ সলনি হৈছে, সেইয়া কেৱল মিতালী আৰু নিয়ৰৰ বাবে। 

*******************


মিতালিৰ ঘৰৰ পৰা আহি সিহঁতে কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে সোমাইছে। বিক্ৰমৰ হৈ ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিছে। বিক্ৰমে সকলোৰে লগত হাঁহি মুখেই কথা পাতিছে। ক’ত কেনেকৈ কি ক’ব সকলো নিয়ৰে বিক্ৰমক ৰাস্তাতেই শিকাই গৈছে। বিক্ৰমেও নিয়ৰে কোৱাৰ ধৰণেই কৰি গৈছে। 

   এতিয়া মাথোঁ অপেক্ষা, নিয়ৰৰ চাল কিমান লাভ দায়ক হয় বিক্ৰমৰ বাবে। 

   

       ****************


   আজিৰ পৰা প্ৰচাৰ বন্ধ। নিজৰ দলটোৰ বেনাৰ, পষ্টাৰবোৰ খুলিছে। জি এছ পদৰ বাবে দুগৰাকী প্ৰাৰ্থী।         

   এফালে বিক্ৰম আৰু আনফালে সন্ধ্যা। 

   এফালে নিয়ৰ আৰু এফালে দুবৰী। 

   এইয়া কেৱল কলেজৰ ইলেকচন নহয়। এইখন এতিয়া হৃদয়ৰ কুৰুক্ষেত্ৰ। আপোনৰ মাজতেই হোৱা এখন যুদ্ধ। 

   হৃদয়খন যেন দুভাগ হৈ পৰিছে। 

   দুবৰীয়ে নিয়ৰলৈ চকু ঘোপা কৰি চালে। নিয়ৰে তাইলৈ চাই তলমূৰ কৰিলে।

   ‘এইৰ হৈছে কি? মোক যে দেখিবই নোৱাৰা হ’ল!’— নিয়ৰে মনতে ভাবিলে। 

   নিয়ৰে মনে মনে তাইলৈ কেইবাবাৰো চাবলৈ চেষ্টা কৰিলে। কিন্তু তাই তালৈ একেথৰেই চকু ঘোপা কৰি চাই আছে। 

   যেন এতিয়াই আহি তাৰ মুখত দুটা ঘোচা লগাই দিব। 

   নিয়ৰে লাহে লাহে যাওঁ-নাযাওঁ কৈ দুবৰীৰ ওচৰলৈ গ’ল। 

   নিয়ৰে তলমুৱা হৈছে তাইৰ ওচৰত ৰল। তাই তালৈ চালে। চাই মিচিকিয়া হাঁহি এটা মাৰি হাতখন আগুৱাই দি ক’লে —‘Best Of Luck.’

   নিয়ৰেও হাতখন আগুৱাই নি হেণ্ডচেক কৰি ক’লে —‘Thank You and Same to You.'

   'Thank You.'— দুবৰীয়ে ক’লে।

   দুবৰীয়ে নিয়ৰক এতিয়া এনেকুৱা ব্যৱহাৰ কৰিছে যেন, তাইৰ তাৰ ওপৰত এতিয়া একো খং নাই। 

   ‘আচৰিত! কি হৈছে তাইৰ? চাই বেলেগ ধৰণে, আৰু এতিয়া ইমান ভালকৈ কথা পাতিছে।’— নিয়ৰে মনতে ভাবিলে। 

   ‘দৰ্শনাক দেখা নাই বহুত দিন।’— নিয়ৰে দুবৰীলৈ চাই ক’লে। 

   ‘কিয়, দৰ্শনাৰ লগত কিবা চলিছে নেকি?’— দুবৰীয়ে অলপ খঙৰে কোৱাৰ দৰেই ক’লে।

   ‘হেই! কি যে কোৱা! নাই, এনেই সুধিলো।’— নিয়ৰে মিচিকিয়া হাঁহি এটা মাৰি ক’লে। 

   ‘তাইৰ মন ভাল নহয়। ঘৰৰ পৰা তাইক বিয়া দিবৰ বাবে ল’ৰা চাইছে। আৰু তাইৰ এতিয়াই বিয়া হ’ব মন নাই।’— দুবৰীয়ে অলপ মনটো সেমেকাই ক’লে। 

   ‘অ... হয়তো। এতিয়াইনো কাৰ বিয়া হ’ব মন যাব? পঢ়ি শুনি কিবা এটা কৰাৰ সকলোৰে মন থাকে।’— নিয়ৰে ক’লে।

   ‘তাকেহে।’— দুবৰীয়ে হুমুনিয়াহ কাঢ়িলে। 

   ‘ভালে আছা?’— নিয়ৰে সুধিলে।

   ‘কেনে থকা যেন লাগিছে?’— দুবৰীয়ে তাক ওলোটাই সুধিলে।

   নিয়ৰে তাইক একো উত্তৰ নিদি মিচিকিয়া হাঁহি এটা মাৰিলে।

   ‘যোৱা। বিৰোধীৰ লগত এনেকৈ দেখিলে বিক্ৰমে বেয়া পাব।’— দুবৰীয়ে পুনৰ ক’লে।

   ‘সি মোক বুজি পায়।’— নিয়ৰে ক’লে। ‘ঠিক আছে দিয়া, বেয়া পাইছা যদি যাওঁ।’

   নিয়ৰে কথাষাৰ কৈ তাইৰ ওচৰৰ পৰা আঁতৰি আহিল। 

   দুবৰীয়ে সি আঁতৰি অহালৈ চাই কপাল কুচ খুৱালে। 

   ‘ল’ৰা হৈ ইমান এটিটিউড!’— দুবৰীয়ে মনতে ক’লে।


     **********************


   আজি কলেজৰ ইলেকচন। গেটৰ সন্মুখতেই প্ৰতিজন প্ৰাৰ্থীৰেই একোটাকৈ অস্থায়ী কাৰ্যালয়। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই নিজৰ পচন্দৰ প্ৰাৰ্থীৰ কাৰ্যালয়ত এপাক সোমাইছে। কিছুমানে এনেই সোমাইছে।

   থাকে কিছুমান, যিয়ে কাক সমৰ্থন কৰিছে একো ধৰিব নোৱাৰি। সকলোৰে লগত মিলি থাকে। 

   এইবোৰৰ বাবেই ভয়। 

   বিক্ৰমৰ কান্ধত এখন ফুলাম গামোচা। কাষত নিয়ৰ আৰু ৰক্তিম।

   বিক্ৰমে সকলোকে এষাৰ মাত দিবলৈ যত্ন কৰিছে। নিয়ৰেও লগৰবোৰক ভালকৈ মাতবুল কৰি বিক্ৰমক ভোট দিবলৈ অনুৰোধ কৰিছে। 

   আঁতৰৰ পৰা দুবৰী আৰু দৰ্শনাই নিয়ৰলৈ কপাল কুচাই চাই আছে।

   যেন দুয়োজনী আহি তাক মাৰিবই এতিয়াই।

   কিন্তু নিয়ৰৰ মনত তেনেকুৱা একো ভাব নাই। সি সিহঁতলৈ গুৰুত্বও দিয়া নাই। সি কেৱল একান্তমনে নিজৰ কাম কৰি গৈছে। 

   তাৰ যে এই কামত স্বাৰ্থও জড়িত হৈ আছে। 

   বিক্ৰম যদি জি এছ হয়, নিয়ৰে যি বিচাৰে সি তাকেই দিব। কথা কেৱল সেইখিনিতেই শেষ নহয়। বিক্ৰমৰ লগত ভাল হৈ থাকিলে সি ভবিষ্যতলৈও বহুত সুবিধা আদায় কৰিব পাৰিব। 

   ‘মানুহ যিমান বেয়া হ’লেও যেতিয়া স্বাৰ্থ জড়িত হৈ পৰে, স্বাৰ্থ পূৰণ নোহোৱালৈকে সদায় তেওঁৰ লগত ভাল হৈ থাকিব লাগে।’— নিয়ৰে তাৰ মাহীয়েকে কোৱা কথাষাৰলৈ মনত পেলাইয়ে সকলোবোৰ কৰি গৈছে। 

   ‘নিয়ৰ, চফ্‌ কত?’— বিক্ৰমে সুধিলে। 

   ‘ৰক্তিমক সুধাচোন। মই তাকে আনিব দিছিলো।’— নিয়ৰে উত্তৰ দিলে। 

    সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি গৈছে। কাৰণ কলেজৰ ৰাজনীতিৰ পিছতেই দেশৰ ৰাজনীতি। কলেজৰ ৰাজনীতিৰ পৰাই কিছু শিক্ষা লৈ দেশৰ ৰাজনীতিত পাতনি মেলিব লাগিব।

   নিয়ৰ এই বিষয়ত বহুত চিৰিয়াচ। 

   আৰু বিক্ৰমেও নিজকে দেশৰ ৰাজনীতিত জড়িত কৰিবলৈকে এতিয়া কলেজত ৰাজনীতিৰ পাতনি মেলিছে।


    *******************


   ভোট গণনাৰ কাম আৰম্ভ হৈছে। সকলো পাৰ্থী আৰু তেওঁলোকৰ সমৰ্থনত থকা সকলৰ বুকু ধপধপাবলৈ ধৰিছে। 

   কি বা ৰিজাল্ট ওলাই!

   প্ৰথম জাউৰিৰ ফলাফল ঘোষণা হ’ল।

   বিক্ৰম দুটা ভোটত পিছ পৰিছে। সকলোৰে চিন্তা আৰু ভয় বাঢ়িছে। বিক্ৰম হাৰিলে সকলোৰে অৱস্থা বেয়া হৈ পৰিব। 

   আনফালে সন্ধ্যা, দুবৰী আৰু দৰ্শনাৰ মুখত হাঁহি। সিহঁতৰ মনত এনেকুৱা ভাৱ যেন, সিহঁতৰ জয় নিশ্চিত।

   বিক্ৰম বহাৰ পৰা উঠিলে। বাহিৰৰ ফালে খোজ দিলে। পিছে-পিছে নিয়ৰ।

   ‘তুমি ইয়াতে থাকা, মই আহি আছো।’— নিয়ৰ পিছে পিছে অহা দেখি বিক্ৰমে ক’লে। 

   নিয়ৰেও তাক একো নুসুধি তাতে ৰল। বিক্ৰম কলেজৰ বাহিৰলৈ ওলাই আহিল। 

   নিয়ৰে বাৰান্দাতে ইফালৰ পৰা সিফাললৈ তাতবাতি কৰি ফুৰিছে। 

   দুবৰীয়ে বাৰে বাৰে তাইলৈ চাইছে। তাক চিন্তাত দেখি তাইৰ বেয়াও লাগিছে। 

   ‘মোক কষ্ট দিয়াৰ মজা পাওঁক।’— তই মনতে ভাবিলে।


     ****************


   দ্বিতীয় জাউৰিৰ পৰা বিক্ৰম আগত। সকলোৰে মুখত হাঁহি যদিও ভয় আৰু চিন্তা আগৰ দৰেই আছে। কাৰণ সি আগত আছে যদিও বেছি ভোটত আগত নাই। শেষ সময়তো সকলো সলনি হৈ যাব পাৰে। 

   দুবৰীয়ে চকু দুটা মুদি, হাতজোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰিছে। 

   দুবৰীয়ে চাই থকাৰ দৰে কিন্তু নিয়ৰে তাইলৈ চাই থকা নাই। সি তাইলৈ মনেই কৰা নাই। সি নিজৰ লগতেই ব্যস্ত। 

   তাৰ এটাই চিন্তা, বিক্ৰম জিকিব লাগে। 

   শেষ জাউৰিৰৰ ফলাফল ঘোষনা কৰিবলৈ হৈছে। সকলো কাঁহ পৰি জিন যোৱা যেন অৱস্থা। কি জি এছ, কি এ জি এছ, সকলোৰে অৱস্থা একেই। সকলো শান্ত হৈ পৰিছে। কোনোবাই যদি কাষৰ জনৰ হাতত খামুচি ধৰিছে, কোনোবাই ভয়তে চকু দুটা মুদি ভাল ফলাফলৰ আশাত ফিংগাৰ ক্ৰচ কৰি আছে। 

   বিক্ৰমে নিয়ৰৰ হাতখন জুৰকৈ ধৰি আছে। নিয়ৰেও বিক্ৰমৰ হাতত জুৰকৈ ধৰি চকুদুটা মুদি ভগৱানৰ নাম লৈ আছে। 

   ‘কি হ’ব?’— সকলোৰে মনত এইটোৱেই প্ৰশ্ন।

   ‘জি এছ পদৰ বাবে জয়ী হৈছে বিক্ৰম বৰুৱা।’— ভিতৰৰ পৰা শেষ জাউৰিৰ ফলাফলৰ পিছতেই চূড়ান্ত ফলাফল ঘোষণা হ’ল। ঘোষণা হোৱাৰ লগে লগেই বিক্ৰমৰ দলৰ সকলো চিঞৰি উঠিল। 

   সকলোৰে মনত আনন্দ। বিক্ৰমে নিয়ৰক সাৱটি ধৰি দাঙি ল’লে। যেন বিক্ৰম নহয়, নিয়ৰহে জিকিছে। 

   কথাটো মিচাও নহয়। এইয়া বিক্ৰমৰ লগতে নিয়ৰৰো সফলতা। 

   নিয়ৰৰো কিমান সপোন জড়িত হৈ আছে বিক্ৰমৰ লগত, সেইয়া কেৱল নিয়ৰেহে জানে। 

   সন্ধ্যা কান্দি কান্দি তাতে বহি পৰিল। দুবৰীয়ে তাইক দুয়োখন হাতে ধৰি বুজনি দিছে। দৰ্শনাই পানীৰ বটলৰ সাফৰখন খুলি তাইৰ ফালে বটলটো আগবঢ়াই দিছে। আৰু তাইৰ সমৰ্থক সকলে তাতে মূৰে কপালে হাত দি বহিছে। 

   নিয়ৰে এইবাৰ সিহঁতৰ ফালে চাইছে। এবাৰ সিহঁতৰ কাষলৈ যাবলৈ তাৰ মন গৈছে যদিও, এই সময়ত গ’লে ভাল নহ’ব বুলি ভাবিয়েই ৰৈ গৈছে।

   

   “যুদ্ধত জয়-পৰাজয় থাকেই। এইয়া যুদ্ধৰ নিয়ম।”



আগলৈ...

Comments