দুবৰিৰ নিয়ৰ// খণ্ড-১// সাগৰ সংগম দিহিঙীয়া

   "দুবৰী আৰু দৰ্শনাক কেন্টিনত দেখি নিয়ৰো সিহঁতৰ ওচৰলৈ আহিল। তাক দেখা পাই যেন দুবৰীৰ খং দুগুণে বাঢ়ি গ’ল। নিয়ৰ গৈ সিহঁতৰ কাষত বহোতেই দুবৰীয়ে দৰ্শনাৰ হাতত ধৰি ‘ব’ল’ বুলি কৈ বহাৰ পৰা তাইক লৈ কেন্টিনৰ পৰা ওলাই আহিল। "



দুবৰিৰ নিয়ৰ

খণ্ড-১

-সাগৰ সংগম দিহিঙয়া


   দুবৰীত নিয়ৰ পৰিছে। দুবৰীৰ ৰং দুগুণে বাঢ়িছে। সন্ধিয়াত পৰা নিয়ৰ পুৱাতেই নোহোৱা হৈ যায়। নিয়ৰৰ টোপালে সতেজ কৰা দুবৰী দিনৰ সূৰ্যৰ পোহৰত সেমেকি পৰে। 

   ঠিক দুবৰীৰ মনটোৰ দৰে। তাইৰ জীৱনত নিয়ৰৰ আগমনে যিমান আনন্দ দিয়ে, সিমান তাইৰ মনত ভয়ো দি যায়। নাজানে তাই কিয় ইমান চেষ্টা কৰাৰ পিছতো নিয়ৰৰ লগত সহজ হ’ব পৰা নাই।

   হয়তো তাই জীৱনত আগতে হৈ যোৱা ঘটনাবোৰৰ বাবেই তাই নিয়ৰৰ লগত সহজ হ’ব পৰা নাই। 

   দুবৰী দেখাত বহুত সহজ যদিওঁ তাইক বুজাটো বহুত কঠিন। প্ৰথমে নিয়ৰে তাইক যিমান সহজ বুলি ভাবিছিল তাতকৈ বহু বেছি কঠিন। 

   ঠিক দুবৰী বনৰ দৰে। উঘালিলেই বন জুপা উঘালি আহিব যেন লাগিলেও সহজতে উঘালি নাহে। আহিলেও লগত এচপৰা মাটি লৈ আহে। 

   দুবৰী! সঁচাকৈয়ে দুবৰীৰ দৰে। দেখাত সহজ, কিন্তু ভিতৰি বহুত কঠিন।

   দুবৰীৰ আজি মনটো পুৱাৰে পৰা সেমেকা। কলেজলৈ আহিবলৈ তাইৰ অলপো মন নাছিল। কিন্তু কলেজলৈ নাহি ঘৰত সোমাই থাকিলে মনটো বেছি বেয়া লাগিব বুলিয়েই কলেজলৈ ওলাই আহিছে। কলেজত সোমোৱাৰে পৰা নাহৰজোপাৰ তলতে তাই মন মাৰি বহি আছে। ক্লাচলৈ যাবলৈ তাইৰ মন নাই।

   কিন্তু তাইৰ মন কিয় বেয়া!

   তাইৰ মন কিয় বেয়া, এই কথা তাই কাৰো লগত আলোচনা কৰিব নিবিচাৰে। সেই বাবেই তাই অকলে নাহৰৰ তলত বহি আছে। 

   দুবৰীক আঁতৰৰ পৰাই দৰ্শনাই চাই আছিল। দৰ্শনা দুবৰীৰ ভাল বান্ধৱী। এইখিনি সময়ত দৰ্শনাও দুবৰীৰ ওচৰলৈ আহিবলৈ সাহস হোৱা নায়। তাই ভালকৈয়ে জানে দুবৰীৰ কথা।

   দুবৰীয়ে দৰ্শনালৈ চালে। দুয়োজনীৰে চকুৱে-চকুৱে পৰাত দৰ্শনা দুবৰীৰ কাষতে আহি বহিল। দৰ্শনা বহাৰ লগে-লগেই দুবৰী বহাৰ পৰা উঠি বেগটো কান্ধত ওলোমাই লৈ ক’লে—‘কেন্টিনলৈ যাওঁ ব’ল। ভোক লাগিছে। ঘৰতো একো খাই নাহিলো।’

   দৰ্শনাই মিচিকিয়া হাঁহি এটা মাৰি একো প্ৰশ্ন নকৰাকৈয়ে বহাৰ পৰা উঠিল।

   দুয়োজনী কেন্টিনত গৈ বহিল। 

   এতিয়াও তাইৰ মন সেমেকা। কিন্তু তাইৰ মন কিয় সেমেকা দৰ্শনাই জানিবলৈ বিচাৰিও সুধিবলৈ সাহস কৰা নাই।


                                           **********************


   বিক্ৰম। বিক্ৰম এখন সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ সন্তান। সি উদণ্ড। তাৰ যেতিয়াই যি মন যায় কৰি থাকে। কলেজলৈও গাড়ী লৈয়ে আহে। প্ৰিঞ্চিপাল, প্ৰফেছৰ কোনোৱে তাক একো নকয়। ক’লেও সি কাৰো কথা নুশুনে।

   এক কথাত সি এটা উদণ্ড স্বভাৱৰ ল'ৰা। 

   আনদিনাৰ দৰে আজিও সি কলেজলৈ আহি গাড়ীত বহি চিগাৰেট হোঁপি আছে। তাক বাধা দিবলৈ কোনো নাই। ক’বলৈ কাৰো সাহস নাই, আৰু ক’লেও সিটো নুশুনেই।

   ৰক্তিম বিক্ৰমৰ গাড়ীৰ ওচৰলৈ আহি গাড়ীৰ গ্লাচত টুকুৰিয়ালে। বিক্ৰমে গাড়ীৰ দৰ্জাৰ লক্‌ খুলি দিলে। ৰক্তিম গাড়ীৰ ভিতৰত আহি বহিল। 

   ‘খবৰ ক’— বিক্ৰমে চিগাৰেটটো ৰক্তিমক দি সুধিলে। 

   ৰক্তিম বিক্ৰমৰ ভাল বন্ধু। দুয়োটা প্ৰায়ে একে লগেই থাকে। তাৰ ভাল-বেয়া সকলো কামতে ৰক্তিমে তাক লগ দিয়ে। আৰু বিক্ৰমেও ৰক্তিমক সকলোতে সহায় কৰে। 

   ৰক্তিমে চিগাৰেটটোত হোঁপ মাৰি ক’লে —‘তই জিকিবি। চিন্তা কৰিব নালাগে। Support আছে।’

   বিক্ৰমে তাৰ কথাত মিচিকিয়ালে।


                                           *************************


   অলপ দিনৰ পিছতেই কলেজৰ ইলেকচন হ’ব। এইবাৰ কলেজৰ জি.এছ পদৰ বাবে বিক্ৰম উঠিব। তাৰ লগৰবোৰে ইতিমধ্যে সকলোকে সকীয়নি দিছে যে, তাৰ বিপক্ষত কোনেও জি.এছ পদৰ বাবে নাম নিদিয়ে। সকলোৱে যাতে বিক্ৰমৰ পক্ষত থাকি বিক্ৰমৰ হৈ প্ৰচাৰ কৰে। 

   ইলেকচন নহওঁতেই বিক্ৰমক লৈ কলেজত এক বিশাল প্ৰচাৰ। বহু কেইটা ছাত্ৰ সংগঠনে বিক্ৰমক ইতিমধ্যে সমৰ্থন জনাইছে। সেই বাবেই বিক্ৰমৰ জয় ইতিমধ্যে নিশ্চিত হৈ পৰিছে। কলেজৰ একেবাৰে নম্ৰ ল’ৰা নিয়ৰো বিক্ৰমৰ প্ৰচাৰ আৰু চাল-চলন দেখি আকৰ্ষণ হৈছে।

   সিও বিক্ৰমক সমৰ্থন কৰাৰ কথাই ভাবিছে। নিয়ৰৰ এই সিদ্ধান্তক লৈ দুবৰী একেবাৰেই সুখী নহয়। দুবৰীয়ে কোনোদিন তাৰ পৰা এনেকুৱা এটা সিদ্ধান্তৰ আশা কৰা নাছিল। তাই তাৰ সিদ্ধান্তত সুখী নহয় যদিও তাই তাক মুখ খুলি একো ক’ব নোৱাৰে।

   তাইতো তাৰ কোনো নহয়। 

   তাই যেন এতিয়া ভৰিৰে গচকি যোৱা দুবৰী।

   দুবৰী আৰু দৰ্শনাক কেন্টিনত দেখি নিয়ৰো সিহঁতৰ ওচৰলৈ আহিল। তাক দেখা পাই যেন দুবৰীৰ খং দুগুণে বাঢ়ি গ’ল। নিয়ৰ গৈ সিহঁতৰ কাষত বহোতেই দুবৰীয়ে দৰ্শনাৰ হাতত ধৰি ‘ব’ল’ বুলি কৈ বহাৰ পৰা তাইক লৈ কেন্টিনৰ পৰা ওলাই আহিল।

   ‘ঐ, কি হ’ল?’— কথাষাৰ কৈ নিয়ৰো সিহঁতৰ পিছে-পিছে গ’ল। সি যোৱা দেখি দুবৰীয়ে দৰ্শনাৰ হাতখন ধৰি দুগুণ জোৰেৰে খোজ দিলে।

   ‘আৰে... ৰ, পৰি যাম।’— দৰ্শনাই ক’লে।

   ‘নপৰ। সোনকালে বল।’— দুবৰীয়ে ক’লে।

   ‘কিন্তু হ’ল কি?’— দৰ্শনাই পুনৰ ক’লে।

   ‘প্ৰশ্ন কৰি নাথাকিবি। সোনকালে ব’ল।’— দুবৰীয়ে তাইৰ হাতখন ধৰি খঙেৰে আগুৱাই গৈ থাকিল।

   আৰু পিছে পিছে নিয়ৰ।

   ‘দুবৰী। প্লীজ... ৰবানা...’— নিয়ৰে পিছৰ পৰা চিঞৰিলে। 

   তাই নৰলে।

   তাই নোৰোৱা দেখি নিয়ৰে এইবাৰ দৌৰি গৈ দুবৰীৰ সন্মুখত ৰল।

   ‘দৰ্শনা। ইয়াক ইয়াৰ পৰা যাবলৈ ক, নহ’লে মাৰ খাব কিন্তু।’— দুবৰীয়ে কথাষাৰ নিয়ৰলৈকে চাই ক’লে।

   ‘কিন্তু কিয়?’— নিয়ৰে সুধিলে।

   ‘প্ৰশ্ন নকৰিবা মোক। আঁতৰি যোৱা এতিয়াই।’— দুবৰীয়ে দৰ্শনাৰ হাতখন এৰি ক’লে।

   ‘কিন্তু...’

   ‘চুপ...’— দুবৰীয়ে নিয়ৰক কথাষাৰ শেষ কৰিবলৈ সুবিধা নিদিলে। 

   তাই পুনৰ তাৰ পৰা আঁতৰি গ’ল। 

   এইবাৰ অকলে। 

   দৰ্শনাই সকলোবোৰ আজলিৰ দৰে চাই ৰল। তাই সিহঁতৰ মাজত কি হৈছে, কিয় হৈছে, একোৱে ধৰিব নোৱাৰিলে। 

   ‘দৰ্শনা, কি হৈছে তাইৰ?’— নিয়ৰে সুধিলে।

   ‘মই কেনেকৈ জানিম? তুমিহে জানিবা কি জগৰ লগাইছা।’— কথাষাৰ কৈ দৰ্শনাও তাৰ পৰা আঁতৰি গ’ল। 

   নিয়ৰেও একো বুজিব নোৱাৰিলে। কি হৈছে, কিয় হৈছে!

   ‘আচৰিত! কি হ’ল মানে?’— সি মনতে ভাবিলে।



আগলৈ...

Comments