সেই বাটেৰেই আহে ব’হাগ// খণ্ড-২// সাগৰ দিহিঙীয়া

সেই বাটেৰেই আহে ব’হাগ

খণ্ড-২

সাগৰ দিহিঙীয়া





ৰাতিতো ধৰণিৰ পুতেক শুৱা নাই। তাক ধৰণিয়ে বাৰে বাৰে কথাবোৰ বুজাইছে যদিও সি একেবাৰেই কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। সোন্তিয়ে কথাবোৰ নুবুজাত ধৰণিৰ খং উঠিছে। কিন্তু দেউতাকৰ খংলৈ সি অলপো কেৰেপ কৰা নাই।

আনফালে বুদ্ধেশ্বৰৰ পুতেকেও শুৱা নাই। কিন্তু তাৰ চিন্তা সোন্তিতকৈ বহুত পৃথক। তাৰ মাত্ৰ এটাই চিন্তা কাইলৈ ৰাতিপুৱা গৰু কেইটাক সি কেনেকৈ গা ধুৱাব! গা-ধুৱাবলৈ যাওঁতে যদি তাক গৰু কেইটাই খুঁচিবলৈ আহে, তেতিয়া সি কি কৰিব! সি এতিয়া কাইলৈ ৰাতিপুৱা গৰু কেইটাক গা-ধুৱাবনে নুধুৱাব। গৰু কেইটা আনিবলৈ যোৱাৰে পৰা সি লাওঁ-বেঙেনা বিচাৰি ইমান উৎপাত কৰাৰ পিছত সি কাইলৈ গৰু গা ধুৱাবলৈ নগলে তাক বাৰু সকলোৱে ভয়াতুৰ বুলি কব নেকি! মনত তাৰ অলেখ প্ৰশ্ন। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি নাপায় সি বাৰে বাৰে বাগৰ সলাইছে। আকৌ এফালে মাক-দেউতাক সাৰ পাব বুলি ভয়ো কৰিছে।

****************


পুৱা সোনকালেই শুৱাৰ পৰা উঠি বুদ্ধেশ্বৰৰ লগত পুতেক দুটা গৰু গা-ধুৱাবলৈ বুলি ওলাই গৈছে। সৰুটো পুতেক গৰু কেইটাৰ পৰা অলপ আঁতৰি আঁতৰি আছে। ডাঙৰটোৱে সৰুটোক কৈছে- “সোনকালে আহ আকৌ।”

“গৈছো নহয়। ব’লচোন।”- সৰুটোৱে অলপ খংত কোৱাৰ দৰেই কৈছে। আৰু নকবইনো বা কিয়। বয়স চাগে তাৰ খুব বেছি ৬-৭ বছৰ। তাতে কালি গৰু কেইটাই ঘৰলৈ আহিয়েই তাক তেনেকৈ শিঁং জোকাৰি দেখাইছে। এতিয়া তাৰ মনেহে জানিছে, সি কেনেকৈ গৰু গা-ধুৱাবলৈ আহিছে। তথাপিতো যে সি গৰু কেইটাৰ পিছে পিছে দুখন হাতত দুডাল চাট লৈ সিহঁতৰ লগত গা-ধুৱাবলৈ আহিছে সেইয়াই যথেষ্ট হৈ পৰিছে এতিয়া। 

সোন্তিৰ মন ভাল নহয়। ধৰণিৰ লগত সি এতিয়া ঘৰত থকা গৰু কেইটাক গা-ধুৱাবলৈ গৈছে যদিও , তাৰ একেবাৰে মন ফৰকাল নহয়। কেনেকৈনো হব, লগৰ কেইটামান গৰুক সি এতিয়া গা ধুৱাব আৰু বাকি কেইটা গৰুক নি-বা এতিয়া তেওঁলোকে কেনেকৈ ৰাখিছে, কিয় বা নিছে, সিটো এইবোৰ কথা একোৱেই নাজানে। সি মাত্ৰ দেখিছে, গৰু কেইটা নিয়াৰ বিনিময়ত সেই মানুহজনে বাপেকৰ হাতত কেইটামান টকা তুলি দিছে। 

***************


নদীৰ ঘাটে-ঘাটে গৰুবোৰক নদীত নমাইছে। কিছুমানে আকৌ গৰুৰ লগতে নিজেও পানীত নামিছে। গৰুবোৰৰ গাত মাহ-হালধী সানিছে, পানীৰে গা-ধুৱাইছে। কিছুমানে যদি গা-ধুৱাইছে আকৌ কিছুমানে গা-ধুৱাই আনি নদীৰ পাৰলৈ তুলি গাত লাও-বেঙেণা মাৰিছে আৰু সমানে সমানে কৈছে- “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু।”

হঠাতে নদীৰ পাৰতে এটা উলহ-মালহৰ পৰিবেশ। এইবোৰ কাৰ্যৰ মাজতে কোনোৱে আকৌ বিহুৰ যোজনা এফাকিকে গাইছে যদি আকৌ কোনোৱে বিহু নামকে এফাকি গাইছে।  সকলোৰে মনবোৰত বিহুৰ উলাহে আৱৰি ধৰিছে। 

সকলোৱে গৰুবোৰক মুকলি পঠাৰত এৰি দি  উলাহেৰে ঘৰলৈ বুলি উভতিছে। ধৰণি আৰু সোন্তিও ঘৰলৈ ঘূৰিছে। সকলোৰে ইমান  উলাহৰ মাজতো সোন্তিৰ ৭-৮ বছৰীয়া শৰীৰতোক যেন এই উলাহে চুব পৰা নাই। তাৰ বয়সৰ ল’ৰাবোৰৰ মাজতো সি নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে। 

ধৰণিৰ পিছে পিছে সোন্তিও আহো-নাহো খোজেৰে ঘৰলৈ আহিছে। ধৰণিয়ে বাৰে বাৰে পিছলৈ ঘূৰি তালৈ চাইছে। কিন্তু সি সেইবোৰ একো মন নকৰি মুখ ফুলাই একান্তমনে একেটা খোজৰ গতিতে ধৰণিৰ পিছে পিছে আহি আছে।

*****************


বুদ্ধেশ্বৰৰ লগতে ল’ৰা দুটাইও গা ধুই ভিতৰলৈ সোমাইছে। বুদ্ধেশ্বৰৰ ঘৈনিয়েকে তেওঁলোকৰ বাবে নতুন কাপোৰ কেইজোৰ বিচনাতে উলিয়াই থৈছে। সকলোৱে আহি নিজৰ নিজৰ কাপোৰ পিন্ধিবলৈ লৈছে। সৰুটো পুতেকে জাপি থোৱা লং পেন্টটোৰ বুটামতো খুলিব নোৱাৰি কাকো একো মাত নিদি মাকৰ ওচৰলৈ দৌৰিছে। বুদ্ধেশ্বৰ আৰু ডাঙৰটো ল’ৰাই একো বুজিব নোৱাৰি তালৈ অবাক হৈ চাইছে।

*****************


সোন্তি গা ধুই ভিতৰলৈ সোমাইছে। গামোচা খনেৰে মাকে তাৰ গা-মূৰ মোহাৰি  ধৰণিয়ে বহি বুলি দেওবৰিয়া বজাৰৰ পৰা আগতিয়াকৈ আনি থোৱা স্পৰ্টিং আৰু হাফ-পেন্টটো মাকে আনি তাক পিন্ধাই দিলে। 

কাপোৰজোৰ পিন্ধাৰ পিছত সি কাপোৰজোৰলৈ ভালকৈ চাইছে। মাকে আঁতৰৰ পৰাই তাৰ চাল চলনবোৰ চাই মিচিকিয়াই হাঁহি এটা মাৰি পাকঘৰলৈ ফালে সোমাই গ’ল। 

সি নতুন কাপোৰজোৰ আৰু বেছি সময় পিন্ধি থাকিব নোৱাৰে। কাৰণ অলপ পিছতেই লগৰবোৰৰ লগত হুচৰি গাবলৈ যাব লাগিব। আজিৰ পৰাই সিহঁতে হুচৰি আৰম্ভ কৰিব। গাঁৱত মানুহৰ ঘৰ বহুত। স্কুল বন্ধ থকা দিন কেইটাতে যদি গাঁওখনত হুচৰি মাৰি শেষ কৰিব নোৱাৰে, তেন্তে পিছত সিহঁতৰেই অসুবিধা হ’ব। তাতে আকৌ এইবাৰ সিহঁতে গাওঁৰ ওচৰৰ গাওঁকেইখনৰ কিছুমান মানুহৰ ঘৰলৈও হুচৰি গাবলৈ যোৱাৰ কথা ভাবিছে। 

সি অলপ সময় কাপোৰজোৰৰ লগত নিজকে চাই মাকৰ ওচৰলৈ গৈ হুচৰি গাবলৈ যাবৰ বাবে গামোচা আৰু ধূতি ওলিয়াই দিবলৈ ক’লে। মাকেও কালিৰ পৰা এতিয়াহে তাৰ মাতষাৰ ভালকৈ শুনিবলৈ পাছে। নহ’লেতো কালি আবেলি বুদ্ধেশ্বৰে গৰু কেইটাৰ লগতে তাৰ মাতষাৰো লগতে লৈ যোৱাৰ দৰে অৱস্থা হৈছিল। মাকে মৰমেতে তাক চুমা এটা খালে। সিওঁ একো বুজিব নোৱাৰি মাকৰ মুখলৈ অঁকৰাৰ দৰে হৈ চালে।


আগলৈ….


Comments