সেই বাটেৰেই আহে ব’হাগ// খণ্ড-১// সাগৰ দিহিঙীয়া

 সেই বাটেৰেই আহে ব’হাগ

খণ্ড-১

সাগৰ দিহিঙীয়া





চাওঁতে চাওঁতে  দিনবোৰনো কেনেকৈ পাৰ হৈছে, তলকিবই নোৱাৰা হৈছো। কেনেকৈনো চকুৰ পচাৰতে এটা বছৰ শেষ হ’ল মনিবকে নোৱাৰিলোঁ। 

কাইলৈ গৰু বিহু। সেইবাবে ধৰনিক আধিলৈ পুহিবলৈ দিয়া গৰু কেইটা ঘৰলৈ নিবৰ বাবে বুদ্ধেশ্বৰ ধৰণিৰ ঘৰলৈ আহিছে। বুদ্ধেশ্বৰ আহোতে ধৰনিৰ গৰু কেইটাৰ বাবেও নতুন পঘা কেইডালমান লৈ আহিছে। বুদ্ধেশ্বৰে ভিতৰলৈ নোসোমাও বুলি কোৱাত ধৰনিৰ ঘৈনিয়েকে বুদ্ধেশ্বৰক বহিবৰ বাবে চোতাললৈকে প্লাষ্টিকৰ চকীখন উলিয়াই দিলে। বুদ্ধেশ্বৰ বহো-নবহোকৈ চকীখনত বহিলে। চকীখনৰো অৱস্থা ইমান এটা ভাল নহয়। চকীখনৰ খুটা কেইটাত একোডালকৈ বাঁহৰ কামিৰে বান্ধি থৈছে। সন্মুখত বহি থকা ধৰনিৰ গাতে লাগি ধৰনিৰ পুতেক সোন্তিয়ে বুদ্ধেশ্বৰলৈ চাই সেমেনা সেমেন  কৰি থকা দেখি বুদ্ধেশ্বৰে তাকো ওচৰলৈ মাতি বিহু বুলি জেপৰ পৰা টকা কেইটামান উলিয়াই তাৰ হাতত গুজি দিলে। সৰু ল’ৰাটোৱে লওঁ-নলওঁ ভাৱত আছিল যদিও বুদ্ধেশ্বৰে যোৰ কৰাত আৰু বাপেকে ল’বলৈ কোৱাত সি টকা কেইটা ল’লে।

পাকঘৰত ধৰনিৰ ঘৈনিয়েকে বাৰে বাৰে নুমায় যোৱা জুই কুৰা ফুঁৱাই ফুঁৱাই বুদ্ধেশ্বৰৰ বাবে চাহৰ যোগাৰ কৰিছে। বিহুৰ পিঠা বনাওঁতে শুকাণ খৰিবোৰ প্ৰায় শেষ হোৱাৰ দৰেই। এতিয়া আধা কেচা খৰিকেইডাল জ্বলিবলৈকে মন নকৰে। বেচেৰিয়ে জুই কুৰা ফুঁৱাওতে ফুঁৱাওতে চকুত এডুঙা পানী আহি গোট খাইছে। কিন্তু কেঁচা খৰিৰ জুই নজ্বলেহে নজ্বলে।

চোতালত ধৰনি আৰু বুদ্ধেশ্বৰে গৰু আৰু খেতিৰ কথা পাতিছে। ধৰনিৰ কান্ধতে হাত থৈ পুতেকে অকঁৰাৰ দৰে সকলোবোৰ শুনি আছে। ধৰনিৰ ঘৈনীয়েকে কাহী এখনতে দুকাপ চাহ আৰু এখন প্লেটত কেইটামান পিঠা লৈ চোতললৈ  ওলাই আহিলে। 

আনফালে বুদ্ধেশ্বৰৰ ঘৰত বুদ্ধেশ্বৰৰ সৰুটো পুতেকৰ গাত তত নাই। ঘৰলৈ গৰু আনিব, পুৱাই সোনকালে উঠি নদীত গৰু গা ধুৱাবলৈ নিব। গৰুৰ গাত লাও-বেঙেনা মাৰিব। ঢেঁকী শালত পিঠা খুন্দি থকা মাক-পেহীয়েকৰ ওচৰলৈ আহি সি লাও-বেঙেনা কাটি দিবলৈ শান্তি নোহোৱা কৰিছে। ককায়েকে তাক বুজাইছে যদিও সি নুবুজে। তাক বুলে লাও-বেঙেনা এতিয়াই কাটি দিব লাগে। সৰু ল’ৰাৰ মন, কিনো কৰিব এতিয়া। 

ধৰনিয়ে পথাৰত এৰাল দি থোৱা গৰুবোৰৰ মাজৰ পৰা বুদ্ধেশ্বৰৰ গৰু কেইটা ঘৰলৈ আনিলে। বুদ্ধেশ্বৰে গৰু কেইটা দেখিয়েই বহাৰ পৰা উঠি গৰু কেইটাৰ ওচৰলৈ আগুৱাই গৈ পদুলিৰ পৰাই গৰু কেইটাক ঘৰলৈ নিয়াৰ কথা ধৰনিক কোৱাত ধৰনিয়ে গৰুৰ এৰালডাল চুটি কৰি দিব। বুদ্ধেশ্বৰে ধৰনিৰ পৰা এৰালডাল আৰু এচাৰি ডাল নিজৰ হাতলৈ ল’ব। 

চোতালতে ৰৈ থকা ধৰনিৰ পুতেক সোন্তিয়ে দৌৰি আহি পদূলীত ৰৈ থকা গৰু কেইটাৰ গাত হাত ফুৰালে। বাপেকে তাক বুজালে, “গৰু কেইটা কাইলৈ আকৌ দি যাবহি।” বুদ্ধেশ্বৰেও একেই কথাকে ক’লে। কিন্তু তথাপিতো তাৰ মনতো সেমেকিয়েই থাকিল। পুৱা শুই উঠাৰে পৰা তাৰ এই গৰু কেইটাৰ লগত সম্পৰ্ক। এনেকৈ আনে গৰু কেইটা লৈ যোৱাটো সি একেবাৰে হয্য কৰিব পৰা নাই। 

বুদ্ধেশ্বৰে গৰু কেইটা লৈ আগুৱাবলৈ ধৰিলে। ধৰনি আৰু সোন্তিয়ে পদূলীতে ৰৈ একেথৰে গৰু কেইটা লৈ যোৱা চাই ৰৈছে। বুদ্ধেশ্বৰে গৰু কেইটা লৈ গৈ থাকোতেই কিবা এটা ভাবি ৰৈ গ’ল আৰু ধৰনিক ওচৰলৈ মাতিলে। ধৰনিয়ে সোন্তিক পদূলীতে ৰাখি বুদ্ধেশ্বৰৰ ওচৰলৈ গ’ল। 

বুদ্ধেশ্বৰে জেপৰ পৰা টকা কেইটামান উলিয়াই ধৰনিৰ ফালে আগুৱাই দিলে। ধৰনিয়ে টকা কেইটা লওঁ-নলওকৈ বুদ্ধেশ্বৰৰ মুখলৈ চালে। ‘কিনো সৰু ল’ৰাৰ দৰে মুখলৈ ভেবা লাগি চাই আছ? বিহু বুলি কিবা এটা লবি আৰু ল’ৰা-বোৱাৰীকো কিবা এটা দিবি। হু, ল।’—কথাষাৰ কৈ বুদ্ধেশ্বৰে টকা কেইটা তাৰ ফালে আৰু অলপ আগুৱাই দিলে। ধৰনিয়েও লও-নলওকৈ টকা কেইটা ল’লে। ঘৰৰ পদূলীতে ৰৈ সোন্তিয়ো সকলোবোৰ চাই আছিল। বাপেকে টকা কেইটা লোৱা দেখি সোন্তিয়ে গৰু কেইটা বিক্ৰী কৰা বুলি ভাবি মনৰ বেজাৰত পদূলী মূৰৰ পৰা ঘৰৰ ভিতৰলৈ বুলি দৌৰিলে।

 *******************

  বুদ্ধেশ্বৰে গৰু কেইটা লৈ পদূলীৰ মুখ পালে কি নাপালে বুদ্ধেশ্বৰৰ সৰুটো পুতেকে গৰু কেইটা দেখি সিহঁতৰ ওচৰলৈ দৌৰি আহিলে। ল’ৰাটো দৌৰি অহা দেখি গৰু কেইটাই শিং জোকাৰিলে। গৰুৱে শিং জোকাৰা দেখি আকৌ গৰু কেইটাকলৈ উৎকণ্ঠাত থকা ল’ৰাটোৱে ভয়তে ঠাইতে ৰৈ গ’ল। তাকে দেখি সকলোৱে হাঁহিবলৈ ধৰিলে। আৰু গৰু কেইটা যিমানেই ঘৰৰ ফালে আহিছে, সি সিমানেই কান্দিছে।

বুদ্ধেশ্বৰে গৰু কেইটা আনি ভঁৰালৰ তলতে বান্ধিলে। বুদ্ধেশ্বৰৰ পিছে পিছে ল’ৰাটোৱে ঘূৰি ঘূৰি গৰু কেইটাক চাইছে। সি মনতে ভাবিছে —“এনেকৈ হ’লে সি কাইলৈ গৰু কেইটাক কেনেকৈ গা ধুৱাব, কেনেকৈ লাও-বেঙেনা মাৰিব! যদি লাও-বেঙেনা মাৰোতে তাক আহি খুচি দিয়ে, তেতিয়া!” কথাবোৰ মনতে ভাবি সি ভয়েতে উচপ খাই উঠাৰ দৰে হৈছে। তাৰ মনত কোনেও নজনাকৈ এখন চিন্তাৰ পাহাৰ গঢ় লৈ উঠিছে।

আনফালে সোন্তিক ঘৰত ধৰনি আৰু মাকে গৰু কেইটা বিক্ৰী নাই কৰা বুলি কৈও বুজাব পৰা নাই। সি নামানে। সি সকলো দেখিছে, সকলো বুজিছে। সি এতিয়া সৰু ল’ৰা নহয়। তাক বুজাব নালাগে।

আগলৈ….

Comments