সেই বাটেৰেই আহে ব'হাগ// খণ্ড-৩
সেই বাটেৰেই আহে ব’হাগ-৩
বিহুৰ দিনটোত সৰুৱে ডাঙৰক সেৱা জনোৱা প্ৰথা এটা তাহানিৰে পৰা চলি আহিছে। আজিও সেই একেি প্ৰথা অৱলম্বন কৰিয়েই বুদ্ধেশ্বৰৰ পুতেক দুটাই মাকে বটা এটাত গামোচাখনৰ হৈতে গুৱা-পানশালী লৈ বুদ্ধশ্বৰৰ ওচৰলৈ গৈছে।
বুদ্ধেশ্বৰে সৰুটো পুতেকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিদিয়াত সি অলপ আগতে হৈ যোৱা ঘটনাতো আৰু গৰুকেইটাক গাধুৱাবলৈ ইমান আগ্ৰহে ৰৈ থকাৰ পিছত গা-ধুৱাবলৈ ইচ্ছা প্ৰকাশ নকৰা কথাবোৰৰ বাবে সি দেউকাতলৈ অলপ লাজ কৰি আছে। কেৱল দেউতাকলৈয়ে নহয়, সি ঘৰৰ প্ৰত্যেকলৈকে এতিয়া লাজ কৰিছে। কৰিবই…, নকৰিবইনো বা কিয়…। গৰুকেইটা ঘৰলৈ অহাৰ আগতে ইমান আগ্ৰহ প্ৰকাশ কৰি থকা ল’ৰাটোৰ হঠাতে মনতো সলনি হৈ যোৱা কথাটো চাগে সকলোৱে লক্ষ্য কৰিছে। তাতে আকৌ গৰুকেইটাই সকলোৰে আগতে তাক শিঁং যোকাৰি ভয় খোৱাইছে।
ডাঙৰটো পুতেকে প্ৰথমে গৈ বুদ্ধেশ্বৰক সেৱা জনাইছে। সৰুটোৱে আঁতৰতে ৰৈ মেহেঙা-মেহেঙ কৰি আছে। তাকে দেখি আকৌ পেহীয়েকে তাৰ ওচৰত আহি ক’লে- “দেহা…, যা আকৌ…। দেতাক সেৱা কৰি আহ…।”
“যাম নহয়।”-সি পেহীয়েকক কথাষাৰ যাঙুৰ খাই কোৱাৰ দৰেই কলে।
তাৰ মনলৈ সেই সময়ত এনে ভাৱ আহিল যেন। তাক পেহীয়েকে আহি থাট্টাহে কৰি গৈছে।
এতিয়া সিহে বুজিছে, তাৰ এই সৰু মনটোলৈ কিমান কি ভাৱ আহিছে।
সেমেনা সেমেনি কৰিয়েই সি দেউতাকৰ ওচৰতগৈ সেৱা কৰিলে। দেউতাকেও তাক ধেমালী কৰিয়েই তাক আশীৰ্বাদৰ শেষত ক’লে- “ভগৱানে শক্তি দিয়ক, অহাবছৰ যাতে গৰুকেইটাক ভালকৈ গা ধোৱাবলৈ শক্তি আৰু সাহস হয়।”
দেউতাকে কথাষাৰ কোৱা লগে লগেই সি সেৱা কৰাৰ পৰা উঠি দেউতাকলৈ অলপ খংত চোৱাৰ দৰে কৰি দেউতাকৰ ওচৰৰ পৰা আঁতৰি যায়।
তাৰ খং আৰু অভিমানৰ সংমিশ্ৰণটো দেখি বুদ্ধেশ্বৰ আৰু ডাঙৰটো পুতেকে হাঁহিলে। আৰু তেওঁলোকে হঁহা দেখি তাৰ খংটো আৰু দুগুণে বাঢ়ি যায়।
**************************
ধৰণি আৰু সোন্তি জলপান খাবলৈ বহিছে। সোন্তি আৰু ধৰণি দুয়ো নিমাত হৈ জলপান খোৱাত ব্যস্ত। কাৰো মাতবুল নাই। এপাকত সোন্তিৰ মাকে আহি ধৰণিত ইঙ্গিতেৰেই ধৰণিক সোন্তিৰ কথাবোৰ কৈ যায়। আৰু ধৰণিয়ে জলপান খোৱাৰ মাজতে সোন্তিক মাত দিয়ে- “আজি নহ’লে বিহু মাৰিবলৈ যাব নালাগে। কাইলৰ পৰাই যাবি।”
“সকলোৱে আজিৰ পৰাই হুঁচৰি গোৱাৰ সিদ্ধান্ত লৈছে। মই অলকে নোযোৱাকৈ থাকিলে সকলোৱে বেয়া পাব। আৰু এইবাৰ বোলে হুঁচৰি গাবলৈ নগলে ফাইন ভৰিব লাগিব।”- সোন্তিয়ে জলপান খোৱাৰ পৰা মূৰ নদঙাকৈয়ে ধৰণিক উত্তৰ দিলে।
“হ’ব দিবি আকৌ। এদিনহে”- ধৰণিয়ে ক’লে।
“এদিনৰো মই ফাইন ভৰিব নোৱাৰো। মোৰ দৰে যদি সকলোৱে এদিন এদিন নোযোৱাকৈ থাকে, তেন্তে হুঁচৰি মাৰিবলৈ ল’ৰা থাকিব কেইটা?”- সি উত্তৰ দিলে।
সৰু ল’ৰাটোৰ উত্তৰত এতিয়া দেউতাক ধৰণিয়ে কি ক’ব একো ভাবি নাপালে।
আচলতে তাৰ কথাষাত প্ৰতুত্তৰ দিব পৰাকৈ ধৰণিৰ ওচৰত একো বাক্যই নাছিল। কণমাণি সোন্তিয়ে দেউতাকক যেন উত্তৰ কালৰ বাবে এটা প্ৰশ্ন সোমোৱাই দিলে মনত। সকলোৱে যদি এদিন এদিনকৈ এনেদৰে আমাৰ সংস্কৃতিৰ পৰা ওলাই গৈ থাকে, তেন্তে আমাৰ এই হুঁচৰি নামৰ আপোৰোগিয়া সম্পদটো কোনে ধৰি ৰাখিব…!
আগলৈ…
Comments
Post a Comment