মনোশক্তি /আপোনাৰ মোবাইল ফোনটোৰ Wallpaperত কি আছে!
মনোশক্তি
The Mind Power
খণ্ড- ৫
আপোনাৰ মোবাইলৰ Wallpaper খনৰ লগত জড়িত কিছুমান কথা আজি মই আপোনালোকৰ আগত ক’বলৈ ওলাইছোঁ।
আপোনাৰ মোবাইলৰ Wallpaper খনৰ লগত জড়িত হৈ আছে আপোনাৰ ভবিষ্যতৰ বহু কথা। আপুনি হয়তো সেই কথা বহু সময়ত অনুভৱ কৰিও আওকাণ কৰি আহিছে। কিন্তু কি এই কথা?
আমি বৰ্তমান সকলোৱে Smart Phone ব্যৱহাৰ কৰো। Smart Phoneয়ে হওক বা General Phoneয়ে হওক সেই ফোনত Wallpaper ত বিভিন্ন ছবি সংলগ্ন কৰিব পৰা ব্যৱস্থা আছে। আমি সকলোৱে ফোনত থকা এই সেৱা ব্যৱহাৰ কৰি আহিছো। আমাৰ প্ৰিয় ছবিখন ফোনৰ Wallpaperত সদায় ৰাখি আহিছো। কিন্তু এই Wallpaperত ৰখা ফটোখনৰ লগত কি দৰে জড়িত আমাৰ এই ভবিষ্যত?
বৰ্তমান আমাৰ জীৱনৰ এটা লাগতিয়াল এটা অংশ হৈ পৰিছে আমাৰ মোবাইলটো। চকু মেলাৰ পৰা চকু বন্ধ কৰালৈকে আমি প্ৰায় সময় ফোনটোৰ লগতেই জড়িত হৈ থাকো। আমি দিনটোত যিমান বাৰ ফোনটো চাওঁ, সিমানবাৰেই আমি আমি প্ৰত্যক্ষ কৰিব লাগে আমাৰ ফোনৰ Wallpaper খন। যত আমি সংলগ্ন কৰি ৰাখোঁ আমাৰ ভাললগা ছবিখন। আমি বিভিন্ন কাৰণত বিভিন্ন ছবি এই Wallpaperত সংলগ্ন কৰি ৰাখিব পাৰো বা লাগে। কিন্তু যিহেতু এতিয়া মই আপোনালোকৰ লগত মনোশক্তিৰ বিষয়ে আলোচনা কৰি আছো, সেইবাবে এতিয়া মনোশক্তিক প্ৰাধান্য দিয়েই এই বিষয়ে আলোচনা কৰিম।
যেতিয়া আমি আমাৰ ফোনটোৰ ডিছপ্লেখন অন কৰো তেতিয়াই আমাৰ চকুৰ আগত ভাহি উঠে আমাৰ ফোনটোৰ Wallpaperৰ খনত সংলগ্ন হৈ থকা ফটোখন। ফটোখনে হয়তো বহুতো সময়ত আপোনাক মনোশক্তি বা মনোবল বৃদ্ধি কৰিব আৰু কেতিয়াবা হয়তো আপোনাৰ সেই ফটোখন দেখাৰ পিছত আপোনাৰ মনটো বেয়াও লাগিব পাৰে। সেইটো নিৰ্ভৰ কৰিব কেৱল আপোনাৰ মনত ক্ৰিয়া কৰি থকা কথা বা চিন্তাৰ ওপৰত। বহুতে ফোনৰ Wallpaper খনত ভগৱানৰ ফটো, প্ৰাকৃতিক দৃশ্য, বিভিন্ন ধৰণৰ ৰং সংলগ্ন হৈ থকা ছবি, প্ৰিয়জনৰ ছবি আদি সংলগ্ন কৰি ৰাখে।
ভগৱানৰ ফটো Wallpaperত ৰাখিলে আপোনাৰ মনোবল কেনেদৰে বৃদ্ধি হ’ব, সেই বিষয়ে চমুকৈ অলপ আপোনালোকক ক’ব বিচাৰিছো। যেতিয়া আপুনি Upset হৈ থাকে তেতিয়া হয়তো ভগৱানৰ ফটোখন দেখাৰ পিছত আপোনাৰ মনতো অলপ হ’লেও ভাল লাগিব। কেতিয়াবা যদি প্ৰিয়জন বা আপোনজনৰ লগত কাজিয়া লাগি মন বেয়া লাগি আছে, তেন্তে ভগৱানৰ ফটোখন দেখাৰ পিছত মনটো অলপ হ’লেও ভাল লাগিব। বিশ্বাস আহিব সকলো ভাল হ’ব। কেতিয়াবা বহুত বিশেষ কামত ফোন কৰিবলৈ যেতিয়া আপুনি ফোনটো উলিয়ালে, কামটো ইমানেই বিশেষ যে আপুনি ভগৱানক বাৰে বাৰে স্মৰণ কৰিছে। যেতিয়া সেই সময়ত আপোনাৰ ফোনটোৰ Wallpaper খনত ভগৱানৰ ছবিখন ভাহি আহিব আপোনাৰ মনটো ভাল লাগি আহিব। বিশ্বাস আৰু সাহসেৰে ফোনটো কৰিব পাৰিবা।
মনোশক্তি, একমাত্ৰ আপোনাৰ মনৰ পৰা উৎপন্ন হোৱা শক্তি। আপুনি আপোনাৰ মনটোক যেনেদৰে আপোনাৰ চিন্তাবোৰ দেখাব বা দিব তেনেকৈয়ে কামবোৰ বা সময়বোৰ পাৰ হ’ব। আপুনি যদি ভগৱানৰ ফটোখন দেখাৰ পিছতো আপোনাৰ মনটোক Positive কৰিব পৰা নাই, তেন্তে আপুনি হাজাৰ ভগৱানৰ ওচৰত পূজা কৰিলেও মিছা। আপুনি যদি ভগৱানৰ ফটোখন নেদেখাকৈয়ে Positive Sense ত থাকি আগুৱাই যোৱাৰ কথা ভাগিছে, তেন্তে আপোনাক কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে। আপোনাৰ মন-মগজুৱে যিদৰে আপোনাক ক’ব, যি বুজাব সেইটোৱেই আপোনাৰ জীৱনত হ’ব।
আপুনি আপোনাৰ ফোনটোৰ Wallpaper খনত এনেকুৱা এখন ফটো সংলগ্ন কৰি ৰাখক, যিখন ফটো দেখাৰ পিছত আপোনাৰ সেমেকি থকা মনটোৱেও যাতে প্ৰাণ পাই উঠে। সেইখন যাৰেই ফটো নহওক লাগে। মুঠতে সেই ফটোখন দেখি আপোনাৰ যদি মনটো ভাল লাগে, তেন্তে আপুনি আপোনাৰ চিন্তা সুস্থ অৱস্থাত থাকিব। সুস্থ মন এটাইহে সফল কৰ্মৰ পথ দেখাব পাৰে।
মনোশক্তি বঢ়াওক, সফলতাৰ দিশে আগুৱাওক। আপোনাৰ মনটোৰ লগতেই জড়িত আপোনাৰ বৰ্তমান আৰু ভবিষ্যত। বৰ্তমানতকৈ ভবিষ্যতৰ চিন্তা আমাৰ সকলোৰেই বেছি। সেইবাবে ভবিষ্যতটো সুন্দৰকৈ ভাৱত, Positive Senseত থাকক সদায়। সফলৰ পথটো অলপ দীঘলীয়া, সময় লাগিবই। ধৈৰ্য্যৰ অবিহনে কোনো যাত্ৰাই মাত্ৰা পাব নোনাৰে। Think Positive, Be Positive. কাৰণ মগজুৰ কোনো মগজু নাই। মগজুক আপুনি যি ক’ব মগজুৱে তাকেই কৰিব।
Comments
Post a Comment