মনোশক্তি /প্ৰেম বিচ্ছেদত আমিবোৰ
মনোশক্তি
The Mind Power
খণ্ড -৬
প্ৰেম বিচ্ছেদত আমিবোৰ
আমাৰ সকলোৰে মনত এটা প্ৰেমিক মন লোকাই আছে। আমি সকলোৱেই কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ প্ৰেমত নিশ্চয় পৰিছো বা পৰো। কেতিয়াবা হয়তো আমি সেই প্ৰেম প্ৰকাশ কৰিছো। আৰু কেতিয়াবা সেই প্ৰেমৰ অনুভুতি নিজৰ মাজতে বান্ধি ৰাখিছো। কিন্তু সকলোৱে এই প্ৰেমৰ অনুভুতি হৃদয়ত লৈ ফুৰিছো।
প্ৰেম, এক স্বৰ্গীয় অনুভুতি। যি এই অনুভুতি লাভ কৰা নাই, তেখেতে জীৱনো উদযাপন কৰিব পৰা নাই। প্ৰেম মানে যে কেৱল প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমকেই বুজাই তেনে নহয়। ৰাস্তাত ঘূৰি থকা কুকুৰটোকো ভাল লাগে আমাৰ, ইয়ো এক প্ৰকাৰৰ প্ৰেম। প্ৰেম বিহীন জীৱন নৰকৰ সমান। জীৱনৰ আধা শিক্ষা প্ৰেমৰ জড়িয়তেই লাভ কৰা হয়।
আমি প্ৰেমৰ বাবেই বহু সময়ত হতাশাত ভুগো। বহু সময়ত নিজকে ভুল বুলি চিনাকি দিব বিচাৰো। প্ৰেমৰ বাবেই বহু সময়ত নিজকে ভুল ৰাস্তাত বা বিপথে পৰিচালিত কৰো। কেতিয়াবা হয়তো এইবোৰ প্ৰেমত বিচ্ছেদ হ’লে কৰো, কেতিয়াবা প্ৰেম প্ৰকাশ কৰিব নোৱাৰিলে কৰো আৰু কেতিয়াবা হয়তো আমাৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে কৰো। কিন্তু বেছিভাগ আমি প্ৰেমত বিচ্ছেদ হ’লেই এইবোৰ কৰিবলৈ আৰম্ভ কৰো। যাৰ বিনিময়ত লোকচান আমাৰ নিজৰেই হয়।
প্ৰেমত বিফল হ’লেই আমি নিজকে অক্ষম বুলি ভাবো। নিজকে নিচাৰ মাজলৈ লৈ যাওঁ, নিজকে কষ্টত ৰাখো। কিছুসময়ত বহুতে প্ৰেমত বিফল বা বিচ্ছেদ হোৱাৰ বাবেই আত্মহত্যা কৰাও দেখা যায়। প্ৰেমত বিফল বা বিচ্ছেদ হোৱাৰ বাবেই যেতিয়া আমি ভাগি পৰো, তেতিয়া আমাক দেখি আমাৰ আত্মীয়জনে আমাতকৈ বেছি কষ্ট পায়। মা-দেউতা চিন্তিত হৈ পৰে আমাৰ অৱস্থা দেখি। আমি মানসিক ভাবে ভাগি পৰো। মনৰ কথাবোৰ কাৰোবাৰ আগত খুলি ক’ব বিছাৰো। কিন্তু কেতিয়াবা আমি মনৰ কথাবোৰ খুলি ক’বলৈ মানুহ নাপাওঁ, সেই সময়ত আমি অধিক ভাগি পৰো। এনে ক্ষেত্ৰত যদি আমি মা-দেউতাক আমাৰ ভাল বন্ধু হিচাপে লব পাৰো, আমাৰ সকলোতকৈ বেছি সহায় হয়।
প্ৰেমত সকলোৱে পৰে, প্ৰায়বোৰৰেই প্ৰেমত বিচ্ছেদ হয়। সেই বুলি সকলোৱে যদি বিষাদ বিষাদ বুলি কৈ থাকে প্ৰেম জানো যুগমীয়া হ’ব পাৰে। আমি প্ৰেমত বিচ্ছেদ হ’ল বুলিয়েই কাম-বন বাদ দি দুখ কৰি থাকো, নিজৰ দায়িত্ববোৰ পাহৰি থাকো। কিন্তু আমি যাক প্ৰেমৰ ক্ষেত্ৰত বেছিভাগ স্মৰণ কৰো, যাৰ নাম লৈ আমি দিনটো আৰম্ভ কৰো তেওঁলোকেও প্ৰথম প্ৰেমক পোৱা নাছিল। তেখেত লোকৰ প্ৰেমো বিচ্ছেদ হৈছিল। ৰাধা আঁতৰি যোৱাৰ পিছতো কৃষ্ণই সকলো দায়িত্ব পালন কৰিছিল। যদি ৰাধা-কৃষ্ণই পাৰিছে, তেন্তে আমিও পাৰিব লাগিব। মানসিক ভাবে যদি নিজকে কেতিয়াবা দুৰ্বল যেন অনুভৱ হয়, তেন্তে মা-দেউতাৰ লগত কথা পাতা। মা-দেউতাতকৈ সাহস আন কোনেও দিব নোৱাৰে। মা-দেউতাই ভগৱান, মা-দেউতাই ডাক্তৰ, মা-দেউতাই সমস্ত।
প্ৰেমত প্ৰাপ্তিৰ সমান্তৰালকৈ বিচ্ছেদো থাকিব। সকলোৰে প্ৰথম প্ৰেম স্থায়ী নহয়। কেতিয়াবা আমাৰ জীৱনত বহুবাৰ প্ৰেম হ’ব, বহুবাৰ বিচ্ছেদ হ’ব। কিন্তু আমি সেইবুলি নিজকে দুৰ্বল বুলি ভাবি দুখৰ মাজত সোমোৱাই ৰাখিলে নহ’ব। প্ৰেমত পাগল হ’ব লাগিব, প্ৰেমত উৰিব লাগিব, প্ৰেমত পৰিব লাগিব, প্ৰেমত সাঁতুৰিব লাগিব, প্ৰেমত জ্বলিব লাগিব, প্ৰেমত জ্বলাব লাগিব, প্ৰেমত পাব লাগিব, প্ৰেমত হেৰুৱাব লাগিব। কিন্তু প্ৰেমত নিজকে দুৰ্বল বুলি ভাবিলে নহ’ব।
প্ৰেম এক স্বৰ্গীয় অনুভুতি। প্ৰেম বিহীন জীৱন নৰতৰ সমান। প্ৰেম কৰক, প্ৰেম বিলাওক। কিন্তু প্ৰেমৰ বাবে নিজকে কষ্ট নিদিব। প্ৰেমৰ পৰা সৃষ্টি হ’ব লাগে, ধ্বংস নহয়।
Comments
Post a Comment