মনোশক্তি/মুকলিকৈ এৰি দিয়ক

মনোশক্তি

খণ্ড —৪

মুকলিকৈ এৰি দিয়ক

    

    আজি পুনৰ আগৰ খণ্ডটোৰ লগতে সংগতি ৰাখি এইটো খণ্ড লিখিবলৈ ওলাইছো।
সকলো পিতৃ-মাতৃৰেই নিজ সন্তানৰ প্ৰতি অলেখ আশা থাকে। সন্তানৰ ভৱিষ্যতক লৈ অলেখ চিন্তা থাকে পিতৃ-মাতৃৰ। সেইবাবে সৰুৰে পৰাই সন্তানটোক পৃথকে গঢ়াৰ প্ৰস্তুতি চলে। কিছু সময়ত লগৰীয়াৰ পৰাও আঁতৰাই ৰাখিব লগা হয় সন্তানটোক। বাহিৰত বেছিকৈ ওলাই গ’লে বেয়া হ’ব বুলি ঘৰতে বন্দীৰ দৰেই পৰিস্থিতিত নিজ সন্তানক ৰখাও বহুবাৰ পৰিলক্ষিত হৈছে। যাৰ বাবে আপুনি ভবাতকৈ ওলোটাহে হোৱা দেখা যায়। সন্তানক মুকলিকৈ খেলিবলৈ দিয়ক, নিজৰ ভাললগাবোৰ বাচি উলিয়াবলৈ দিয়। পাৰিলে আনৰ সন্তানৰ লগত নিজৰ সন্তানৰ তুলনা নকৰাকৈ থাকিবলৈ চেষ্টা কৰক। যেতিয়াই আপুনি আপোনাৰ সন্তানৰ তুলনা আনৰ লগত কৰিব, তেতিয়া হয়তো আপোনাৰ সন্তানেও আপোনাৰ তুলনা আন অভিভাৱকৰ লগত কৰিব। তেতিয়া হয়তো আপুনি আপোনাৰ সন্তানৰ সন্মুখত হাৰি যাব।
আপুনি প্ৰথমতে নিজক বিশ্বাস কৰক। যদি নিজক বিশ্বাস কৰিব পাৰিছে, তেন্তে আপুনি আপোনাৰ সন্তানকো বিশ্বাস কৰিব পাৰিব। সন্তানক যেতিয়া সুৰুৰে পৰাই মুকলিকৈ এৰি দিব, ডাঙৰ হোৱালৈকে মুকলিকৈ ঘূৰি ঘূৰি আমনি লাগিব আৰু সময়ত আপুনি ভবাতকৈ ভালহে হ’ব।
    সন্তানক সৰুৰে পৰাই লগৰ সমনীয়াৰ লগত ঘূৰিবলৈ দিয়ক, খেলিবলৈ দিয়ক, পচন্দৰ কামবোৰ কৰিবলৈ দিয়ক। সেইবোৰৰ মাজতহে আপোনাৰ সন্তানৰ ভৱিষ্যতৰ লক্ষ্য দেখা পাব।
    অভিভাৱকৰ দৰে সন্তানেও কথাবোৰ বুজিব লাগিব। যদি তোমাৰ মা-দেউতাই তোমাক মুকলিকৈ ঘূৰিবলৈ, খেলিবলৈ, ভাললগাবোৰ কৰিবলৈ দিছে। তেন্তে সেই সুযোগ লৈ এনে কাম কেতিয়াও নকৰিবা যাৰ বাবে তোমাৰ মা-দেউতা বা আন অভিভাৱকে কষ্ট পাই। এনেকুৱা কাম কৰিবা, যি কামৰ পৰা তোমাৰ মা-দেউতাই সাহস পাই। তুমি মুকলিকৈ ঘূৰিছা-ফুৰিছা বাবে তোমাক লৈ বহুতে বহুত কথাও ক’ব, কিন্তু তুমি তেওঁলোকে কোৱাবোৰ যে মিছা প্ৰমাণ কৰিব লাগিব।
    মই প্ৰথম মোবাইল ফোন ব্যৱহাৰ কৰিছিলো চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে। সেই সময়ত হয়তো আমাৰ গাওঁখনত ৩ টা মান হে মোবাইল আছিল। সৰুৰে পৰাই technologyৰ প্ৰতি মই আগ্ৰহী। মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিকাই দিলে তেতিয়াই। সেই সময়ত Radio ত গান শুনা আৰু মোবাইলত Ringtone শুনিবলৈ পোৱাৰ আনন্দ আছিল মোৰ বাবে সুকীয়া। সপ্তম শ্ৰেণীৰ পৰা কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ শিকিছিলো। স্কুলৰ পৰা আহি পাপাৰ বন্ধু এজনৰ দোকানত গৈ কম্পিউটাৰ শিকিছিলো। তেতিয়াই DTP, Page Layout ইত্যাদিব শিকিছিলো। পিছলৈ দোকানখনৰ দায়িত্ব মোৰ উপৰতেই আহি পৰিছিল। ঘৰৰ ওচৰৰ মানুহবোৰে মা-পাপাক কৈছিল “সৰুৰ পৰাই টকা-পইচাৰ চুবলৈ পালে যেতিয়া ল’ৰা কিন্তু কি হয় ঠিক নাই। ঘৰত এটাই ল’ৰা অলপ শাসন কৰা।” কিন্তু মা-পাপাৰ নিজৰ ওপৰত হয়তো যথেষ্ট বিশ্বাস আছিল। যাৰ বাবে মোক মুকলিকৈ এৰি দিছিল। মনে ভালপোৱা, বিচৰাবোৰ কৰিবলৈ সুযোগ দিছিল। সৰুৰ পৰাই একো অভাৱ অনুভৱ কৰিব নিদিয়াকৈ ডাঙৰ কৰিছে যদিও ময়ো সৰুৰ পৰাই আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰি আহিছোঁ। যাৰ বাবে সৰুতেই কম্পিউটাৰ শিকি দোকানখনৰ দায়িত্ব লৈ কামবোৰ কৰি গৈছিলো।
    সৰুৰ পৰাই মই মুকলিকৈ ঘূৰা-ফুৰা কৰিছো যদিও মা-পাপাই কোনোদিন মোৰ বাবে কষ্ট অনুভৱ কৰিব লগা হোৱা নাই।
ইঞ্জিনিয়াৰিংৰ ছাত্ৰ আছিলো, এখন কাকতত শাখা সম্পাদক ৰূপে কৰ্ম কৰাৰ সৌভাগ্য হৈছিল। কেতিয়াবা গাড়ীত হেণ্ডিমেনৰ কামো কৰিছো, পান দোকান খুলিছো। ৰাষ্টাৰ কাষত গাড়ী ৰখাই, বস্তা পাৰি কমলা বিক্ৰী কৰিছো। সৰুতে বহুতৰ বাবে মই ভদঙীয়া আছিলো। হয়তো এতিয়াও আছো। কাৰণ মই আজিও চাকৰি এটাৰ বাবে আবেদন নকৰাকৈ আছো।
    অভিভাৱকে সন্তানক বুজিব লাগিব আৰু সন্তানেও অভিভাৱকক বুজিব লাগিব। সেইবাবেই মই আগৰ খণ্ডত কৈছিলো, মা-দেউতাক তোমাৰ ভাল বন্ধু কৰা। সকলো সহজ হৈ পৰিব।
    এইবাৰৰ লিখনিটো আপোনালোকৰ মনোগ্ৰাহী কৰিব নিশ্চয় পৰা নাই। আপোনালোকৰ আগ্ৰহ আৰু মৰম বাবে, ব্যস্তাৰ মাজত খেন্তেক সময় উলিয়াই লিখিবলৈ চেষ্টা কৰিছিলো। আপোনালোকৰ প্ৰতিটো মেচেজেই মোৰ বাবে আশীৰ্বাদ স্বৰূপ। আগলৈও এনেদৰেই মৰমবোৰ দি থাকিব।

Comments