মনোশক্তি /আত্মবিশ্বাস
মনোশক্তি-১
(আত্মবিশ্বাস)
মনোশক্তি। সহজ অৰ্থত ক’বলৈ গলে মনৰ পৰা যি শক্তি আহৰণ কৰা হয়, তাকে মনোশক্তি বুলি কোৱা হয়।
মই লিখিবলৈ ওলোৱা মনোশক্তি চিৰিজটো আপোনালোকে পঢ়ি বহুত পেনপেনীয়া পাব যদিও পঢ়িলে কিছু পৰিমাণে হ’লেও আপুনি লাভান্বিত হ’ব।
আমি বহুত সময়ত নিজকে বহুত দুৰ্বল বুলি ভাবি লওঁ। যাৰ বাবে আমি কৰিব পৰা কামটোও কেতিয়াবা কৰিব নোৱাৰা হৈ পৰো। আমি কিছুমান কাম কৰাৰ আগত “কৰিব পাৰিম” বুলি ভবাৰ সলনি “কৰিব পাৰিম জানো?” বুলি ভাবো। যাৰ বাবে আমি নিজকে দুৰ্বল বুলি পৰিচয় কৰাই তোলো।
আমি যদি সফল হ’ব বিচাৰো, তেন্তে নিজে নিজৰ ওপৰ প্ৰথমে বিশ্বাস কৰিব পাৰিব লাগিব। এষাৰ কথা আছে “বিশ্বাসে মিলয় হৰি”। ইয়াৰ সহজ অৰ্থ হৈছে বিশ্বাস কৰিলে ভগৱানকো লগ বা দেখা পোৱা যায়। সেইবাবে আমি প্ৰথমে নিজে নিজক বিশ্বাস কৰিব লাগিব। আমি কৰিব বিচৰা কামটো কৰিব পৰাকৈ আমাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব। প্ৰশ্নবোধক চিন্তাৰে আমি কেতিয়াও সফলতাৰ দিশে আগুৱাই যাব নোৱাৰো। তুমি যিমানেই প্ৰশ্নবোধক চিন্তাৰে আগবাঢ়িবা, সিমানেই তোমাক বিফলতাই লগ লব। তুমি যিমানেই আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যস্থানলৈ আগুৱাই যাবা সফলতাই সিমানেই তোমাৰ কাষ চাপি আহিব। “বিফলতাই তোমাক লগ নেৰিব আৰু তুমি সফলতাৰ পিছ নেৰিবা, চাবা এদিন সফলতা আৰু তুমি লগতে আগুৱাই যাবা।”
এইখিনিতে মই আপোনালোকক এটা কাহিনী কওঁ— এজন ব্যক্তি, তেখেতে সদায় আড্ডাৰ মাজত অলপ হ’লেও বেছিকৈ কথা কোৱাৰ অভ্যাস। বেছিকি মানে কথা বেছিকৈ নহয়, ফিতাহি কথা কয়। এদিন কিবা কাৰণত লগৰ এজনৰ লগত তেওঁ গাড়ীৰে ফুৰিবলৈ গৈছিল। দূৰণিৰ ৰাস্তা, প্ৰায় ১০-১১ ঘন্টা মান সময়ৰ যাত্ৰা কৰিব লাগিব। তেখেতে এবাৰ আড্ডাত গাড়ী চলোৱাৰ কথা ফিতাহি মাৰি কৈছিল, লগৰ জনে সেই কথা সঁচা বুলি ভাবিয়েই অন্য ড্ৰাইভাৰ নোলোৱাকৈ গৈছে। লগৰ জনে তেখেতক এবাৰ ক’লে “আপুনি অলপ চলাই নেকি?” তেতিয়া তেখেতে ক’লে— ‘মই নচলাও নেকি! লাইচেঞ্চ খনো মই নানিলোঁ।’ এনেকৈ গৈ গৈ আকৌ এবাৰ নিজান ৰাস্তাত লগৰ জনে ক’লে “আপুনি এইটো ৰাস্তা চলাই দিয়ক, ইয়াত চেকিংৰ প্ৰৱলেম নাপায়।” এতিয়া তেখেতে কি কৰিব। না কৰিলেও লগৰ জনে বেয়া পাব আৰু তেখেতে গাড়ী চলাব নাজানো বুলি ক’লেও লাজত পাৰিব। গাড়ীৰ পৰা নামি তেখেতে ৰাস্তাটো এবাৰ ভালকৈ চালে। নিজান পথ, গাড়ী-মটৰৰ চলাচল তেনেই সেৰেঙা। তেখেতে চিন্তা কৰিলে গাড়ী চলোৱাৰ সকলো নিয়ম জানে, মাত্ৰ চলাই পোৱা নাই। ৰাস্তাটো ধুনীয়া, গাড়ী-মটৰো কম। যদি কিবাকে গাড়ী চলাওঁতে ইফাল সিফাল হয়, তেতিয়া টোপনি আহি হৈছিল বুলি কৈ দিব। সকলো ভাবি-চিন্তি তেখেতে গাড়ী ষ্টাৰ্ট দি লাহে-লাহে আগুৱাই গ’ল।
এনেদৰেই তেখেতে নিজৰ আত্মবিশ্বাসৰ বলত কোনোদিন কৰি নোপোৱা কামটো কৰি আগুৱাই গ’ল। অথচ, তেখেতে যে সেই কামটো কোনোদিন কৰি পোৱা নাই সেই কথাও কোনেও গম নাপালে।
নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক আৰু নিজৰ লক্ষ্যস্থানৰ দিশে আগুৱাই যাঁওক সফল নিশ্চয় হ’ব। কেতিয়াবা কিছুমান সফলতা সোনকালে আহে আৰু কেতিয়াবা দেৰিকৈ, কিন্তু আত্মবিশ্বাসে আপোনাৰ জীৱনলৈ সফলতা যে আনিব সেইয়া নিশ্চিত।
Comments
Post a Comment