মনোশক্তি/শিশুক শিশুৰ দৰে থাকিবলৈ দিয়ক

 মনোশক্তি

The Mind Power

খণ্ড-৩

(শিশুক শিশুৰ দৰে থাকিবলৈ দিয়ক)


    আমি বহুত সময়ত কিছুমান নক’বলগীয়া কথা শিশু সকলৰ আগত কৈ দিওঁ, যিবোৰৰ হয়তো প্ৰভাৱ বহুত দেৰিকৈ দেখা পোৱা যায়। বৰ্তমান সময়ত এনেবোৰ ঘটনা প্ৰায়ে হৈ থাকে। আমি জানি বুজিয়েই এই ভুল প্ৰায়ে কৰি থাকো। কিন্তু কি এই ভুল?
    বৰ্তমান আমি Statusৰ কথা ভাবিয়েই সকলো কাম-কাজ কৰিবলৈ শিকিছো। আৰু হয়তো আমাৰ শিশু সকলকো এই কথাই শিকাইছোঁ। কিন্তু এই শিক্ষাই কেতিয়াবা, কোনোবাখিনিত আমাক বিপদত পেলাব বা কষ্ট দিব পাৰে এই কথা আমি কোনোদিন ভবা নাই। 
    মই লিখনিটো মোৰ ওচৰে-পাজৰে ঘটি থকা ঘটনাবোৰৰ পৰা হোৱা অনুভৱৰ পৰাহে লিখিবলৈ চেষ্টা কৰিছো। মোৰ অনুভৱ হয়তো আপোনাৰ লগত কেতিয়াবা নিমিলিবও পাৰে। তাৰ বাবে মই আপোনালোকৰ আগত ক্ষমা বিচাৰিছো। যদি মোৰ লিখনিটোৱে আপোনাৰ মনত আঘাত কৰে তেন্তে মোক ক্ষমা কৰি দিব। ভুলবোৰ আঙুলিয়াই দিব।
বৰ্তমান সময়ত অভিভাৱক সকলে নিজৰ শিশুটিক তেওঁলোকৰ Status ৰ কথা কৈ শিশুটিয়ে মনে বিচৰা বহুতো কামৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে। যাৰ ফলত শিশুটোৱে মনত কষ্ট পাই। যাৰ প্ৰতিক্ৰিয়া হয়তো বহু বছৰৰ পিছতো হ’ব পাৰে। 
    ধৰি লওক, আপুনি আপোনাৰ অঞ্চলতোৰ এজন সন্মানীয় ব্যক্তি। আপোনাৰ ঘৰত ধনে-ধানে অজস্ৰ। আপোনাক অঞ্চলতোৰ সকলোৱে ভাল পাই, সন্মান কৰে। আপুনিও তেখেতলোকক সহায় কৰে, তেখেতলোকে মাতিলে বিনিময়ত এটা মিচিকিয়া হাঁহি উপহাৰ দি আহে। কিন্তু যেতিয়াই আপোনাৰ শিশুৰ কথা আহিব তেতিয়াই আপুনি সলনি হৈ পৰিব। 
আপুনি বাস কৰা অঞ্চলটোত আপোনাৰ দৰে ধনী ব্যক্তি তেনেই কম। আপোনাৰ লগত বেলেগৰ Status নিমিলে। আপোনাৰ ঘৰৰ আলহী বহা কোঠাত গৈ বহিব পৰা যোগ্যাতা তেওঁলোকৰ হয়তো নাই। কিন্তু আপোনাৰ শিশুটোৱে এইবোৰ কথা নুবুজে, পাৰিলে এইবোৰ কথা নুবুজাব। যেতিয়া আপোনাৰ শিশুটিয়ে এইবোৰ কথা বুজিব সকলোতকৈ কষ্ট আপোনাৰ নিজৰেই হ’ব। 
    কম, কেনেকৈ আপোনাৰ কষ্ট হ’ব সেই বিষয়ে নিশ্চয় কম। প্ৰথমে আপুনি আপোনাৰ শিশুক কি শিকাব সেই বিষয়ে এবাৰ আলোচনা কৰো আহক। 
    মোৰ শিশু নাই, মই বৰ্তমান এজন যুৱক। মোৰ বিবাহৰ বাবে উপযুক্ত বয়সো হোৱা নাই, মই শিশুৰ বাবে ইমান বিশেষ নাজানিম যিমান আপোনালোকৰ মাজৰ বহুতে জানিব। কিন্তু আমি সকলোৱে শিশু কাল বা শৈশৱ কাল পাৰ কৰি আহিছো। সকলোৰে অনুভৱ আছে। সকলোৰে ভিন্ন ভিন্ন অভিজ্ঞতা আছে। 
    এতিয়া কথা হ’ল, আপোনাৰ ঘৰৰ কাষতে এটা ঘৰ আছে। আপুনি হ’ল টকা-পইচা, শিক্ষা-চাকৰি থকা এজন সম্ভ্ৰান্ত ঘৰৰ। কিন্তু আপোনাৰ ঘৰৰ কাষৰ ঘৰটো এজন দিন হাজিৰা কৰা লোকৰ। মাজে মাজে আপোনাৰ ঘৰৰ কামো কৰে তেখেতে। আপোনাৰ এটা শিশু আছে, তেখেতৰ দুটা। যেতিয়া সেই শিশু দুটাই নিজৰ ঘৰৰ চোতালত খেলি থাকে, তেতিয়া আপোনাৰ শিশুটিয়ে আপোনাৰ দুই-তিনি মৰলীয়া অট্টালিকাটোৰ খিৰিকীৰে তেওঁলোকলৈ চাই থাকে। আপোনাক আহি তেখেতলোকৰ লগত খেলিবলৈ যোৱাৰ অনুমতি বিচাৰে। কিন্তু আপুনি খেলিবলৈ যাব নিদি যেতিয়া আপোনাৰ আৰু সেই কাষৰ মানুহ ঘৰৰ Statusৰ কথা আপোনাৰ শিশুটিক বুজাই, এবাৰ ভাবি চাইনে এই কথাটোৱে এদিন কিমান ডাঙৰ ৰূপ ল’ব। 
    শিশুক মুকলিকৈ এৰি দিয়ক। খেলিব দিয়ক, উৰিব দিয়ক, পৰিব দিয়ক, বাগৰিব দিয়ক, দুখ পাবলৈ দিয়ক, বাৰে বাৰে পচলিবলৈ দিয়ক। মাত্ৰ তেখেতলোকক বান্ধি নাৰাখিব, অধিক গধুৰ কথা নুবুজাব। শিশুক শিশু হৈয়ে থাকিবলৈ দিয়ক। শিশুৱে যিমানেই খেলিব, যিমানেই উৰিব সিমানেই মস্তিস্কৰ বিকাশ হ’ব। বিদ্যালয়ৰ পাঠ্যপুথিত নোপোৱা বহুত কথা মানুহৰ মাজত বিচাৰি পাই। শিশুক কোনোদিন আপোনাৰ Statusৰ কথা নিশিকাব, শিশুক সহজ কৰক, সাধাৰণ কৰক, মাটি চুবলৈ দিকয়। বুকাৰে লুটিপুতি হ’বলৈ দিকয়, সাধাৰণ জনৰ ঘৰত গৈ পাকঘৰৰ সোৱাদ ল’বলৈ শিকাওক। Statusৰ কথা বুজাই আপুনি কিমান দিন বন্দী কৰি ৰাখিব পাৰিব, এদিনটো উৰিবলৈ সুবিধা পাব। আৰু যেতিয়া উৰিবলৈ সুবিধা পাব, উৰি যি যাব ঘূৰি নাহিব। সেই বাবে বন্দি কৰি নাৰাখি আৰম্ভণিৰে পৰা উৰিবলৈ দিয়ক, সদায় উৰিব আৰু সদায় ঘূৰি আহিব।
    আজি এইটো অধ্যায় বেছি দীঘলীয়া নকৰোঁ। ইন্টাৰনেটৰ জগতত বেছি দীঘলীয়া লিখনী মানুহে পঢ়ি ভাল নাপায়। আপোনালোকে যদি বিচাৰে এই বিষয়ে পুনৰ লিখিম। কমেন্ট কৰি জনাব আৰু মোৰ এই লিখনিটোৱে যদি আৰোবাৰ অন্তৰত আঘাত কৰিছে তাৰ বাবে মই ক্ষমা বিচাৰিছো।

Comments