অভিলেখ সৃষ্টিত ‘গৰু—ধিক্কাৰ এই জীৱন’
✒সাগৰ সংগম দিহিঙীয়া
📱7896147242
মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ‘গৰু’ৱে।
অলপদিনৰ আগতে ফেচবুক-ৱাটছএপ্ সকলোতে এজনী গৰু বিচাৰি হাবাথুৰি খাই ফুৰিছিল একাংশ যুৱক-যুৱতীৰ লগতে বহুতো লোক। আনকি অসমৰ যুৱপ্ৰজন্মৰ চিনাকী পৰিচালক-নাট্যকাৰ-অভিনেতা হিমাংশু প্ৰসাদ দাসেও দিল্লীৰ পালিকা মাৰ্কেটত গৰু বিচাৰি হাবাথুৰি খাইছিল। কিন্তু তেওঁ তাতো গৰু বিচাৰি উলিয়াব নোৱাৰিলে। গৰুজনীক বিচাৰি নাপাই পৰিস্থিতি দিনক দিনে সলনি হবলৈ ধৰিলে। ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে গৰুজনীক বিচাৰি, হাজাৰ হাজাৰ লোকে প’ষ্ট শ্বেয়াৰ কৰিছে। যাতে গৰুজনীৰ গৰাকীয়ে গৰুজনী ঘূৰাই পাওঁক। এদিন হঠাৎ গৰুজনীৰ গৰাকী বিচিত্ৰ বৰাই ফেচবুকত প’ষ্ট দিলে গৰুজনী বিচাৰি পোৱা বুলি। প’ষ্টটো দিয়াৰ পিচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। নহলে সকলোতে কেৱল গৰু বিচাৰি হাবাথুৰি একাংশ লোকৰ। আপুনিয়ে ভাৱক পৰিস্থিতি কেনেকুৱা হৈ পৰিছিল। নহ’লেনো অসমত হেৰুৱা গৰু দিল্লীৰ পালিকা মাৰ্কেটত বিচাৰি যায়নে!
জনপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰত কোনোগুণে কম নহয় যুৱ অভিনেতা-নাট্যকাৰ-পৰিচালক হিমাংশু প্ৰসাদ দাস। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’ নামৰ ছবিখনে অসমৰ দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ পিচত ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত আৰু হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মাণ কৰি উলিয়াইছে ‘গৰু—ধিক্কাৰ এই জীৱন’ নামৰ এখন ছবি।
অসমৰ জনপ্ৰিয় মনোৰঞ্জন ধৰ্মী চেটেলাইট চেনেল ৰংত বৰ্তমান সম্প্ৰচাৰ হৈ থকা ‘বকুলতলৰ আদালত’ নামৰ ধাৰাবাহিক, ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’ ছবিখনৰ দৰে এই ছবিখনেও দৰ্শকক অন্য এক সোৱাদ দিব পাৰিব বুলি নিৰ্মাতাসকল আশাবাদী।
উক্ত ছবিখনৰ প্ৰথমখন প’ষ্টাৰ যোৱা ২৫ নবেম্বৰত সমগ্ৰ অসমতেই একেলগে একে সময়তে মুকলি কৰি অসমৰ ছবি জগতত এক অভিলেখৰ সৃষ্টি কৰিলে। অসমৰ প্ৰতিখন জিলাতেই অসমীয়া ছবি ভালপোৱা যুৱক-যুৱতীসকলে নিৰ্দিষ্ট স্থানত ২৫ নবেম্বৰৰ দিনৰ ১১ বজাত ছবিখনৰ প’ষ্টাৰখন মুকলি কৰি এই অভিলেখৰ সৃষ্টি কৰে।
সমগ্ৰ অসমতে একেলগে একে সময়তে প’ষ্টাৰ মুকলি কৰি অভিলেখ সৃষ্টি কৰা ‘গৰু’ ছবিখনে মুক্তিৰ ক্ষেত্ৰতো এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হব। এইয়া অসমৰ চিনেমাপ্ৰেমী দৰ্শক তথা নিৰ্মাতাসকলৰ বাবে সুখৰ খবৰ।
আগন্তুক বৰ্ষৰ ২৪ জানুৱাৰীত মুক্তি লাভ কৰিব লগীয়া উক্ত ছবিখনে একে সময়তে ৰাজ্যৰ ৩৫০টা স্থানত মুক্তি লাভ কৰিব। তদুপৰি সেই দিনটোত মুঠ এহেজাৰটা দৰ্শনীৰে ছবিখনে মুক্তি লাভ কৰিব। ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে জনাই যে ছবিখন চিনেমাগৃহৰ উপৰি বিভিন্ন স্থানত চিত্ৰগৃহৰ বিকল্পৰূপে পৰিচালকৰ বন্ধু তথা শুভাকাংক্ষীসকলৰ উদ্যোগত অস্থায়ী চিত্ৰগৃহ নিৰ্মাণ কৰি মুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। অসমৰ আন কোনো স্থানত কোনো ব্যক্তি বা অনুষ্ঠানে যদি বিকল্প পদ্ধতিৰে চিনেমাখন প্ৰদৰ্শন কৰিব বিচাৰে তেন্তে — ৬৯০০৩৩০৯০৭ আৰু ৭০০২২৩৮৮৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
২৪ জানুৱাৰীত ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত মুক্তি লাভ কৰিব লগীয়া ‘গৰু—ধিক্কাৰ এই জীৱন’ৰ প্ৰযোজনা গীতা পাঠকৰ। আনহাতে ছাহজাহানৰ কাহিনীৰে নিৰ্মান হোৱা ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে হিমাংশু প্ৰসাদ দাস, উদয় ভাস্কৰ পাটৰ আৰু ছাহজাহানে। ‘গৰু’ত অংগৰাগ মহন্ত, দিক্ষু, নীল আকাশ আদিয়ে কণ্ঠদান কৰাৰ বিপৰীতে হিমাংশু প্ৰসাদ দাস, ৰাহুল গৌতম শৰ্মা, ভানিছ আহমেদে গীতসমূহ ৰচনা কৰিছে। উক্ত ছবিখনত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেতা অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম, পাকিজা বেগম, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাস, যোগীৰাজ চক্ৰৱৰ্তী, হিল্লোল কুমাৰ পাঠক, সংকল্পজিৎ হাজৰিকা, ফনীন্দ্ৰ ভট্ট, অনুৰূপ ডেকাৰজা, প্ৰদীপ দত্ত, ৰূপম দাস, অপূৰ্ব বৰ্মন, ধাৰকজ্যোতি দাস, প্ৰাঞ্জল এ শৰ্মা, চন্দন দাস, কমললোচনকে ধৰি নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী লনিশ্ৰী দাসে।
ইতিমধ্যে ‘গৰু—ধিক্কাৰ এই জীৱন’ৰ প্ৰথমখন প’ষ্টাৰে অসমৰ চিনেমাপ্ৰেমীৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ লগত জড়িত সকলোলৈকে মোৰ ফালৰ পৰা জনালোঁ অলেখ শুভকামনা।
Comments
Post a Comment