দৰ্শকৰ মাজত সমাদৃত অনিৰ্বান কলিতা

                                           🖋️সাগৰ সংগম দিহিঙীয়া
                                                 📱৭৮৯৬১৪৭২৪২
Anirban kalita,

          অসমীয়া ছেটেলাইট চেনেল ৰেঙনিৰ দ্বাৰা সম্প্ৰচাৰ হৈ যোৱা ‘কৰ্ণঃ অন্য এক মহাৰথী’ নামৰ ধাৰাবাহিকখনত চাৰ্ফৰাজ নামৰ এটা খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল বৰ্তমানৰ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা অনিৰ্বান কলিতা। অনিৰ্বান কলিতাৰ জন্ম হৈছিল ১৯৮৮ চনৰ ২১ নবেম্বৰত। অনিৰ্বান কলিতাৰ মাক হিমাদ্ৰী কলিতা আৰু দেউতাক মুকুতা কলিতা। অনিৰ্বান তেজপুৰত জন্মগ্ৰহণ কৰিছিল যদিও তেখেত মঙলদৈত ডাঙৰ-দীঘল হয়। অনিৰ্বান কলিতাই উচ্চ শিক্ষা মঙলদৈ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰে আৰু উচ্চতৰ মাধ্যমিক শিক্ষা মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইড’লত এম.কম শিক্ষা গ্ৰহণ কৰে।

        অনিৰ্বান কলিতাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়তে মঙলদৈত ‘প্ৰতিশ্ৰুতি’ নামৰ এখন নাটকত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰীৰ বৰবাৰীত অৱস্থিত নিট্‌ছত প্ৰবীণ শইকীয়াৰ ওচৰত অভিনয়ৰ আনুস্থানিক শিক্ষা গ্ৰহণ কৰে।
           অনিৰ্বান কলিতাই প্ৰবাল খাউণ্ডৰ পৰিচালনাৰে ‘বগীতৰা’ নামৰ ভিচিডি ছবিখনত অভিনয় কৰি কেমেৰা জগতখনত অভিনয়ৰ পাতনি মেলে। বগীতৰাৰ পিছত ‘ফাগুন’ আৰু ‘সপোনৰ ছবি’ নামৰ ভিচিডি ছবিকেইখনত অভিনয় কৰাৰ লগতে তৰুণ তন্ময়ে কণ্ঠদান কৰা ‘বুকুতে বুকু’, বন্দনা ডেকাই কণ্ঠদান কৰা ‘আজলি আজলি’, বৰ্ণালী দাসে কণ্ঠাদান কৰা ‘দিছাং মুখ’ ইত্যাদি গীতসমূহতো অভিনয় কৰে অনিৰ্বান কলিতাই।

          খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা অনিৰ্বান কলিতাই অসমীয়া জনপ্ৰিয় ছেটেলাইট চেনেল ৰং ৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ‘জীৱন ডট কম’, ‘ভাড়াঘৰ’, ‘শাহু-বোৱাৰী’, ‘অপৰাধ’, ‘আসাম ফাইট বেক’, আদি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰে। তাৰ ভিতৰত ‘অপৰাধ’ আৰু ‘আসাম ফাইট বেক’ নামৰ ধাৰাবাহিক দুখন বাকী ধাৰাবাহিকবোৰতকৈ সম্পূৰ্ণ ব্যতিক্ৰম আছিল।

         অসমীয়া সংবাদ চেনেল ‘ডি ৱাই ৩৬৫’ৰ ভগ্নী চেনেল ‘জোনাক’ চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ‘সৃষ্টি’, ‘তথাস্ত’ নামৰ ধাৰাবাহিক কেইখনত অভিনয় কৰাৰ লগতে অসমৰ অন্য এক জনপ্ৰিয় ছেটেলাইট চেনেল ৰেঙনীৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ‘কৰ্ণঃ অন্য এক মহাৰথী’, ‘কোন মোৰ আপোন’, ‘অপৰাজিতা’, ‘আইনা’ আৰু ‘ৰ'দালি’ নামৰ ধাৰাবাহিক কেইখনত অভিনয় কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

          কৰ্ণ অন্য এক মহাৰথী নামৰ ধাৰাবাহিকখনত আৰম্ভণিৰে পৰা এটা মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা গৈছিল অনিৰ্বান কলিতাক। পৰৱৰ্তী সময়ত অৰূপ দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘কোন মোৰ আপোন’ নামৰ ধাৰাবাহিকখনত অনিৰ্বানক দৰ্শকে নায়কৰ চৰিত্ৰত দেখা পাইছিল। বৰ্তমান ৰেঙনি চেনেলযোগে সম্প্ৰচাৰিত হৈ থকা ‘সপোনৰ ঠিকনা বিচাৰি’ নামৰ ধাৰাবাহিকখনত দৰ্শকে তেখেতক অন্য এটা ৰূপত দেখিবলৈ পাইছে।
           অলপতে মুক্তি লাভ কৰা অসমৰ নৱ প্ৰজন্মৰ কণ্ঠশিল্পী নম্ৰতা বৰুৱাৰ ‘বুকুৰে বান্ধৱী’ নামৰ এটা গীতত অভিনয় কৰা দেখা গৈছে জনপ্ৰিয় অভিনেতা অনিৰ্বান কলিতাক।
           অনিৰ্বান কলিতাৰ এই যাত্ৰা আগুৱাই যাওঁক। দৰ্শকৰ মাজত এনেদৰেই সমাদৃত হৈ থাকক অনিৰ্বান কলিতা।

Comments