কংকন ৰাজখোৱাৰ সাগৰিকা

                                                                                                              ✒সাগৰ সংগম দিহিঙীয়া

   
sagarika, sagarika review, sagar songom dihingia
          কংকন ৰাজখোৱাৰ পৰিচালনাত সাগৰিকা।
          বৰ্তমান অসমৰ ধাৰাবাহিক প্ৰেমী দৰ্শকসকলৰ জনপ্ৰিয় ধাৰাবাহিক কেইখনৰ ভিতৰত সাগৰিকা ধাৰাবাহিকখন অন্যমত।
         ধাৰাবাহিকখনৰ কাহিনী-চিত্ৰনাট্য–সংলাপ, পৰিচালনা, সংগীত, আৱহ সংগীত, দৃশ্যগ্ৰহণ, সম্পাদনা কোনো ক্ষেত্ৰতে কৃপনালি কৰা দেখা পোৱা নাযায়। বিশেষকৈ ধাৰাবাহিকখনৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো খুঁট উলিয়াব নোৱাৰি। সাগৰিকা, ৰণ, আকাশ, সাগৰিকাৰ দেউতাক, মন, শৰ্মিলা, গৌৰৱ আৰু আইকণৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰায় দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে ধাৰাবাহিকখনে। তাতোতকৈ বেছি সাগৰিকা, আইকণ আৰু সাগৰিকাৰ দেউতাকৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত দিয়া গুৰুত্বক দৰ্শকে সঁহাৰি জনাইছে। বাপেক-জীয়েক আৰু ভাগিনীয়েকৰ মাজত থকা কিছুমান মিল চৰিত্ৰ কেইটাত সুন্দৰ ৰূপে দেখা গৈছে।
sagarika, sagarika review, sagar songom dihingia

         চৰিত্ৰ সমূহৰ লগত দৃশ্য সমূহৰ উপস্থাপন, সম্পাদনা আৰু আৱহ সংগীতত মুগ্ধ হৈ পৰে দৰ্শক।
         ধাৰাবাহিকখনত অভিনয়ৰ কথা কবলৈ গলে ভুল কোৱা হ’ব। কাৰণ ধাৰাবাহিকখন চাই থাকিলে এনেকুৱা লাগে যেন ধাৰাবাহিক নহয় মই নিজেই এই স্থান ৰৈ সকলোবোৰ চাই আছো। ধাৰাবাহিকখনৰ প্ৰথমটো খণ্ডৰ ৰণ আৰু সাগৰিকাৰ ৰাস্তাত কথা পতাৰ দৃশ্যত ৰণৰ কথা, খং, দুখ, কান্দোন কতোৱেই অভিনয় বিচাৰি পোৱা নাযায়। সকলোবোৰ বাস্তৱ। তেখেতলোকে ধাৰাবাহিকখনৰ চৰিত্ৰবোৰ ৰূপায়ণ কৰা যেন নালাগে, লাগে ধাৰাবাহিকৰ চৰিত্ৰবোৰই তেওঁলোক। ৰণৰ খং, উত্তেজিত হৈ কথা কোৱা এইবোৰত অভিনয় যেন অনুভৱ নহয় দৰ্শকৰ।
         ৰণৰ চৰিত্ৰত অভিনয় কৰা হিমাংশুৰ অভিনয়ত বহুত আগতেই মুগ্ধ হৈ পৰিছিলো। সেইয়া ‘বৰনদী ভটিয়ায়’ই হওঁক বা ‘ভাড়াঘৰ’ ধাৰাবাহিকেই হওঁক। তেওঁৰ অভিনয় অতুলনীয়। তেওঁ সদায় চৰিত্ৰসমূহক বাস্তৱ ৰূপ দিবলৈ সক্ষম হয়। ঠিক এইবাৰো কোনো ব্যতিক্ৰম নহল হিমাংশু।
         ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰৰে আছে বিশেষ ভুমিকা। বৰ্তমানলৈকে ধাৰাবাহিকখনত কাহিনীৰ পৰা আঁতৰি গৈ দৰ্শকক বান্ধি ৰাখিবলৈ অন্য চৰিত্ৰৰ প্ৰয়োজন হোৱা নায়।
         ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা উক্ত ধাৰাবাহিকখনৰ কাহিনী বৰ্তমান সময়ৰ। এনেবোৰ ঘটনা বৰ্তমান আমাৰ সমাজত ঘটি আছে। ৰণৰ দৰে বহুত ল’ৰাৰ কাষৰ পৰা সাগৰিকাৰ দৰে বহুত ছোৱালীক আঁতৰাই নিয়া হৈছে।
         কংকন ৰাজখোৱাৰ কাহিনী, পৰিচালনা আৰু সম্পাদনাৰে অসমৰ অন্যতম জনপ্ৰিয় মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিশা ৮ঃ৩০ত আৰু ১১ বজাত সম্প্ৰচাৰ হৈ থকা ধাৰাবাহিক খনৰ বিভিন্ন চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে সুনিতা কৌশিক, ধুৰ্ভ দাস, হিমাংশু গগৈ, নন্দিনী কাশ্যপ, কুকিল শইকীয়া, গৌৰৱ বৰাকে ধৰি বহুতো ন-পুৰণি শিল্পীয়ে। ধাৰাবাহিকখনৰ সহ-পৰিচালকৰ দায়িত্বত আছে ধুৰৱজ্যোতি কাশ্যপ, দৃশ্যগ্ৰহণ কৰিছে বিকাশ আৰু অম্লানে, সম্পাদনা সহকাৰী ৰূপে আছে বিশ্ব বংশী নাথ।
         ধাৰাবাহিকখনৰ জনপ্ৰিয়তা অক্ষুন্ন থাকক। সাগৰিকা আগুৱাই যাওঁক। দৰ্শকৰ দৃষ্টিত সাগৰিকা আৰু অধিক জনপ্ৰিয় হওঁক। লগতে পৰিচালক কংকন ৰাজখোৱাক ধন্যবাদ অসমৰ দৰ্শকক ইমান এখন সুন্দৰ ধাৰাবাহিক উপহাৰ দিয়াৰ বাবে।

Comments