ঢকুৱাখনা এক্টিং একাডেমীৰ শিল্পীৰ দ্বাৰা প্ৰদৰ্শন

“আকৌ নতুন প্ৰভাত হ’ব”

                                  ✒সাগৰ সংগম দিহিঙীয়া

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত যোৱা ১৬ জুলাই, ২০১৮ তাৰিখে ঢকুৱাখনা মহকুমাৰ আমলখি দাংধৰাৰ সৰ্বোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সজাগতা সভা আয়োজন কৰে। এই সভাখন অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিশেষকৈ ডাইনী সন্দেহ ইত্যাদি ৰাইজৰ মনৰ পৰা দূৰ কৰিবলৈ আয়োজন কৰে।

           উক্ত সভাখনত ঢকুৱাখনা এক্টিং একাডেমীৰ শিল্পী সকলে “আকৌ নতুন প্ৰভাত হ’ব” নামৰ এখন বাটৰ নাট প্ৰদৰ্শন কৰে। নাট খনিৰ ৰচনা ঢকুৱাখনা এক্টিং একাডেমীৰ অধক্ষ্য গৌৰৱ বৰুৱাদেৱে আৰু পৰিচালনা কৰে বাবা গগৈয়ে।

           ১৫ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা “আকৌ নতুন প্ৰভাত হ’ব” নাটক খনত আমাৰ সমাজত কেনেদৰে ডাইনীৰ সৃষ্টি হয়, সুপাধৰাৰ নামত অত্যাচাৰ, ডাইনী হত্যাৰ কু-সংস্কাৰ, অন্ধবিশ্বাসৰ লগতে বহু কেইটা দিশ সাঙুৰি ঢকুৱাখনাৰ নাট্যকৰ্মী গৌৰৱ বৰুৱাদেৱে ৰচনা কৰে।
            এই নাটখনত অভিনয় কৰে— লক্ষ্যজ্যোতি, কৌশিক, জুমন, দেৱৰ্ষী, শ্বপনীল, কাজৰী, অন্নেষা, টিনা, উজ্বশ্ৰী,নিলীময়, পীয়ুষ, সমুজ্জল, পংকজ, অনুভা আৰু গৌৰৱ সূতে।

Comments