Numerology মানে কি?
Numerology মানে কি? সাধাৰণ ভাৱে ক’বলৈ হ’লে, আমি সকলোৱে জানো যে প্ৰতিটো সংখ্যাৰে একোটা নিজা বৈশিষ্ট্য বা বিশেষত্ব আছে। আৰু প্ৰতিটো নম্বৰেই সেই নিজা বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে। আমাৰ সকলো কৰ্মতে একোটাকৈ নম্বৰ জড়িত হৈ থাকে। সেই নম্বৰে বহু সময়ত শুভ ফল দিয়ে, আৰু বহু সময়ত নিদিবও পাৰে। এই সকলোবোৰ সেই নম্বৰটোৰ বৈশিষ্ট্য বা বিশেষত্বৰ বাবেই হোৱা বুলি কোৱা হয়। কোৱা হয় সেই নম্বৰ সমূহক আমি নহয়, নম্বৰ সমূহেহে আমাক প্ৰচণ্ড কৰে। Numerology হৈছে জ্যোতিষৰ সেই দিশ, যিটো দিশ আত্ম-আৱিষ্কাৰ আৰু ভৱিষ্যদ্বাণীৰ সৈতে জড়িত। ই আপোনাক পৃথিৱীৰ গোপন অৰ্থ বিচাৰি উলিওৱাত সহায় কৰে। Numerology য়ে আপোনাৰ জীৱনৰ ব্যক্তিগতকৃত পথ প্ৰদৰ্শক, আপোনাৰ কিবা এটা হোৱাৰ সম্ভাৱনা, আপোনাৰ শক্তি আৰু দুৰ্বলতা হিচাপে কাম কৰিব পাৰে। আপোনাৰ জন্ম তাৰিখৰ পৰা তিনিটা সংখ্যা (attitude number, life path, আৰু birth number) আৰু আন তিনিটা (soul’s urge number, power number আৰু personality number) আপোনাৰ নামৰ আখৰৰ পৰা উলিওৱা হয়। প্ৰত্যেকৰে নিজস্ব উল্লেখযোগ্য অৰ্থ আৰু স্থান আছে আৰু আটাইতকৈ বিশিষ্টটোক আপোনাৰ জীৱন পথৰ সংখ্যা বুলি ক’ব পাৰি। প